চিটাৰা ডেস্ক,১০ জানুৱাৰী :বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান ছবিক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে (Pathaan film controversy)। বিভিন্ন মহলত ছবিখনক লৈ বিতৰ্কও অব্যাহত আছে । শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তত ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাও দেখা গৈছে । তাৰ মাজতে মুকলি ছবিখনৰ ট্ৰেইলাৰ ।
বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি 'পাঠান' হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব (Pathaan will release in 3 language)। মুক্তিৰ পূৰ্বে, ছবি নিৰ্মাতাই মঙলবাৰে তিনিওটা ভাষাতে পাঠানৰ ট্ৰেইলাৰ মুকলি কৰে । য়শৰাজ ফিল্মছে দাক্ষিণাত্যৰ দুই চুপাৰষ্টাৰ থালাপতি বিজয় আৰু ৰাম চৰণক পাঠানৰ তামিল আৰু তেলুগু ভাষাৰ ট্ৰেইলাৰ মুকলি কৰিবলৈ নিমন্ত্ৰণ জনাইছিল (Pathaan trailer release)।
টুইটাৰৰ জৰিয়তে দাক্ষিণাত্যৰ চুপাৰষ্টাৰ থালাপতি বিজয়ে পাঠানৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰে (Thalapathy Vijay released Pathaan trailer)। তেওঁ শ্বাহৰুখ খান আৰু পাঠান ছবিখনৰ সকলো কলা-কুশলীক শুভকামনা জনায় । ইফালে, আৰআৰআৰ ছবিৰ অভিনেতা চুপাৰষ্টাৰ ৰাম চৰণে পাঠান ট্ৰেইলাৰৰ তেলুগু সংস্কৰণ শ্বেয়াৰ কৰে । মেগাষ্টাৰ চিৰঞ্জীৱীৰ পুত্ৰ চৰণে ট্ৰেইলাৰ শ্বেয়াৰ কৰি কয় যে তেওঁ শ্বাহৰুখ খানক একচন অৱতাৰত চাবলৈ অতি আগ্ৰহেৰে বাট চাই আছে । ট্ৰেইলাৰটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে পাঠান ছবিখনৰ সকলো কলা-কুশলীক শুভকামনা জনায় (Ram Charan unveiled Pathaan trailer)।