চিটাৰা ডেস্ক,২১ জানুৱাৰী :মুক্তিৰ পূৰ্বেই বহু চৰ্চিত 'পাঠান' বোলছবিয়ে অভিলেখ গঢ়াৰ পথত । বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ একচন থ্ৰিলাৰ 'পাঠান'ৰ ২০ জানুৱাৰীত ভাৰতত আগতীয়া টিকট বুকিং মুকলি কৰা হৈছিল । মাত্ৰ এদিনতে পাঠানৰ ১৫ কোটি টকাৰ টিকট বুকিং অতিক্ৰম কৰিছে (Pathaan advance ticket sales crossed Rs 15 crore)। ইতিমধ্যে পাঠানে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ অভিনীত 'ব্ৰহ্মাস্ত্ৰ'ৰ আগতীয়া টিকট বুকিঙৰ ব্যৱসায়ক অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে (Pathaan to surpassing Brahmastra)।
এক দীঘলীয়া বিৰতিৰ অন্তত চুপাৰষ্টাৰ শাহৰুখ খান ডাঙৰ পৰ্দালৈ উভতি অহাৰ বাবেই এইধৰণৰ সঁহাৰি লাভ কৰা বুলি আশা কৰা হৈছে । অৱশ্যে এয়া অতি শীঘ্ৰে স্পষ্ট হৈ পৰিব । ইফালে আগতীয়া টিকট বিক্ৰী পাঠান, য়াশ ৰাজ ফিল্মছ আৰু শ্বাহৰুখ খানৰ বাবে এক টাৰ্ণিং পইণ্ট হ'ব পাৰে । সূত্ৰৰ মতে, পাঠানে ইতিমধ্যে আগতীয়া টিকট বুকিঙৰ জৰিয়তে প্ৰায় ১৫.১৮ কোটি টকা সংগ্ৰহ কৰিছে (Collection of Pathaan through advance ticket sales)।
পাঠানৰ হিন্দী আৰু তেলুগু সংস্কৰণৰ বাবে সৰ্বাধিক সংখ্যক টিকট বিক্ৰী হৈছে (Hindi and Telegu version of Pathaan)। তামিল সংস্কৰণৰ বাবেও একে ধৰণৰ সঁহাৰি লাভ কৰাৰ দিশে আগবাঢ়িছে । যদি তামিল সংস্কৰণেও অনুৰূপ সঁহাৰি দিয়ে তেন্তে পাঠানৰ বাবে সন্মুখত কোনো বাধা নাথাকিব । ইফালে পাঠানৰ আৰম্ভণিৰ দিনটোৰ ব্যৱসায় প্ৰায় ৪০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । এতিয়ালৈকে, পাঠান ছবিখনৰ প্ৰায় ৪,৮৬,৪২৪ টা টিকট বিক্ৰী হৈছে (Pathaan ticket sales through advance sales)।