অসম

assam

Parineeti Chopra: আপৰ নেতাৰ সৈতে ডেট কৰি আছে নেকি পৰিণীতি চোপ্ৰাই ?

By

Published : Mar 23, 2023, 12:46 PM IST

মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত আম আদমী পাৰ্টিৰ এগৰাকী নেতাৰ সৈতে দেখা পোৱা গৈছে অভিনেত্ৰী পৰিণীতি চোপ্ৰাক (Parineeti Chopra)। ইয়াৰ পিচতে সামাজিক মাধ্যমত দুয়োগৰাকীয়ে ডেটিং কৰাৰ উৰাবাতৰি বিয়পি পৰিছে ৷

Parineeti Chopra spotted with AAP Leader Raghav Chadha in Mumbai
এগৰাকী নেতাৰ সৈতে দেখা পোৱা গৈছে অভিনেত্ৰী পৰিণীতি চোপ্ৰাক

চিটাৰা ডেস্ক, 23 মাৰ্চ: ৰাজনীতি আৰু বলীউড জগতৰ পৰা শেহতীয়াকৈ আহিছে এটা খবৰ ৷ বুধবাৰে মায়ানগৰী মুম্বাইত আম আদমী পাৰ্টিৰ আগশাৰীৰ নেতা তথা পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাৰ সৈতে দেখা গ’ল বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাক (Parineeti Chopra)। দুয়োকে ৰেষ্টুৰেণ্টৰ বাহিৰত প্ৰত্যক্ষ কৰিছিল পাপৰাজীয়ে। দুয়োকে বগা ৰঙৰ চাৰ্ট পৰিধান কৰা দেখা পোৱা গৈছিল ৷ ছ’চিয়েল মিডিয়াত দুয়োৰে ফটো ভাইৰেল হোৱাৰ পিচতে পৰিণীতি আৰু ৰাঘৱে ডেটিং কৰি আছে বুলি অনুৰাগীসকলে প্ৰশ্ন উত্থাপন কৰে (Parineeti Chopra spotted with AAP Leader) ৷

এই সন্দৰ্ভত দুয়ো বৰ্তমানলৈকে একো মন্তব্য কৰা নাই ৷ যদিও চলিত বৰ্ষৰ জানুৱাৰী মাহত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাক একেলগে ‘ইণ্ডিয়া ইউ কে আউটষ্টেণ্ডিং এচিভাৰ অনাৰ্ছ’ৰ সন্মানেৰে সন্মানিত কৰা হৈছিল । ভাৰতত পোনপ্ৰথমবাৰৰ বাবে এই সন্মান লাভ কৰিছে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্ধাই (AAP Leader Raghav Chadha)।

এগৰাকী নেতাৰ সৈতে দেখা পোৱা গৈছে অভিনেত্ৰী পৰিণীতি চোপ্ৰাক

ভাৰতৰ ব্ৰিটিছ কাউন্সিল আৰু ব্ৰিটেইনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগ (ডি আই টি)ৰ সহযোগত নেশ্যনেল ইণ্ডিয়ান ষ্টুডেণ্টছ এণ্ড এলুমনি ইউনিয়ন (NISAU)ৰ উদ্যোগত আয়োজন কৰা হৈছিল এই বঁটা বিতৰণী অনুষ্ঠান । ব্ৰিটিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হৈছিল এই অনুষ্ঠান ৷ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কৃতিত্ব বিবেচনা কৰি উদযাপন কৰা হৈছিল এই অনুষ্ঠান (Parineeti Chopra and AAP Leader Raghav Chadha) ।

এগৰাকী নেতাৰ সৈতে দেখা পোৱা গৈছে অভিনেত্ৰী পৰিণীতি চোপ্ৰাক

উল্লেখ্য যে, ১৫ বছৰ পূৰ্বে পৰিণীতি চোপ্ৰা ব্ৰিটেইনৰ মানচেষ্টা স্কুলৰ ছাত্ৰী আছিল । আনহাতে, ৰাঘৱ চাদ্ধা লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অধ্যয়ন কৰিছিল । স্কুলীয়া জীৱনত পৰিণীতি আৰু ৰাঘৱ দুয়োগৰাকীয়ে অতি মেধাৱী ছাত্ৰ-ছাত্ৰী আছিল ৷ মেধাৱী ছাত্ৰ-ছাত্ৰী হোৱাৰ লগতে শ্ৰেণীকোঠাৰ টপাৰ আছিল । সেয়েহে, হয়তো দুয়োৰে চিন্তা ধাৰণাতো বহুত মিল থাকিব পাৰে ৷ পৰিণীতি আৰু ৰাঘৱ দুয়ো বৰ্তমানলৈকে অবিবাহিত ৷

লগতে পঢ়ক:Anupam Mittal: শ্বাৰ্ক টেংক ২ৰ বিচাৰক অনুপম মিত্তল দুৰ্ঘটনাগ্ৰস্ত, হাস্পতালৰ বিচনাৰ পৰা শ্বেয়াৰ কৰিলে ফটো

ABOUT THE AUTHOR

...view details