অসম

assam

Parineeti-Raghav wedding: মাত্ৰ কিছু সময় পাচতে যুগ্ম জীৱনৰ পাতনি মেলিব পৰিণীতি-ৰাঘৱে; চাওক ফটো

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 1:41 PM IST

মাত্ৰ কিছু সময় পাচতে বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ তাৰকা পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডা ৷ চাওক তেওঁলোকৰ বিশেষ দিনৰ কিছু ছবি ৷

Parineeti Chopra-Raghav Chadha wedding: Here's a peek into how RagNeeti's D-day looks like
পৰিনীতি চোপ্ৰা-ৰাঘৱৰ বিয়া

চিটাৰা ডেস্ক, ২৪ ছেপ্টেম্বৰ: পূৰ্ণতা লাভ কৰিব প্ৰেমে । মাত্ৰ অলপ সময়ৰ পিচতে অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিব বলীউডৰ সুন্দৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডাই ৷ বিগত কেইবাদিনৰ পৰা পূৰ্ণগতিত চলি আছিল বিবাহৰ প্ৰস্তুতি আৰু এতিয়া অৱশেষত আহিল সেই ক্ষণ যিটোৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল ৷ পৰিয়ালৰ লোকৰ উপস্থিতিত দুয়োৰে বিবাহৰ সাক্ষী হ’ব ৰাজস্থানৰ লীলা পেলেচ । ৰাজনীতিৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন জগতলৈকে সকলো জনপ্ৰিয় ব্যক্তিত্বই এই ৰাজকীয় পাঞ্জাবী বিয়াত অংশগ্ৰহণ কৰিব । ইফালে হোটেলখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ বিপৰীতে ম’বাইল ফোন ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে ।

বিবাহৰ সময়সূচী

আবেলি ৪ বজাত অনুষ্ঠিত হ’ব বিবাহৰ ৰীতি-নীতি আৰু তাৰ পিচত সন্ধিয়া ৬:৩০ বজাত অনুষ্ঠিত হ’ব পৰিণীতি চোপ্ৰাৰ বিদায় অনুষ্ঠান । নিশা ৮:৩০ বজাত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব । ইয়াৰ পিচত ৩০ ছেপ্টেম্বৰত চণ্ডীগড়ৰ হোটেল তাজত আন এক অভ্যৰ্থনা অনুষ্ঠানৰো আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে ।

দৰা আৰু জয়মালাৰ কাৰ্যসূচী

আপ নেতা ৰাঘৱ চাড্ডাৰ চেহেৰা বন্ধা হ’ব দিনৰ ১ বজাত । তাৰ পিচত শোভাযাত্ৰা আৰম্ভ হ’ব । নাৱেৰে বিয়াৰ মণ্ডৱত উপস্থিত হ’ব ৰাঘৱ । পিচত বিয়লি ৩ বজাত জয়মালা পিন্ধাৱ ইগৰাকীয়ে সিগৰাকীক ৷ ইয়াৰ পিচত ৰাঘৱৰ সৈতে অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিব ৷ সন্ধিয়া ৬.৩০ বজাৰ ভিতৰত সম্পন্ন হ’ব সাত পাক ঘূৰাৰ কাৰ্যসূচী ৷

লীলা পেলেচত অভ্যৰ্থনা

নিশা বিয়াৰ অভ্যৰ্থনা পাৰ্টি অনুষ্ঠিত হ’ব । নিশা ৮.৩০ বজাৰ পৰা লীলা পেলেচত আৰম্ভ হ’বলগীয়া এই অভ্যৰ্থনা অনুষ্ঠানত পৰিয়ালৰ সদস্য, বহু তাৰকা আৰু ৰাজনীতিবিদে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

হালধী, সংগীত

শনিবাৰে পৰিণীতিৰ চূড়া অনুষ্ঠান অনুষ্ঠিত হয় । লীলা পেলেচৰ মহাৰাজা ছুইটত অনুষ্ঠিত হয় এই অনুষ্ঠান । পৰিণীতিৰ পৰিয়াল আৰু আত্মীয়ই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ইয়াৰ পিচত হালধীৰ অনুষ্ঠান অনুষ্ঠিত হয় । পৰিয়ালৰ লোকে পাঞ্জাবী নৃত্যৰে হালধী অনুষ্ঠান সম্পন্ন কৰে । নিশা আহাৰৰো আয়োজন কৰা হৈছিল ।

বিয়াত উপস্থিত থাকিব পৰা জনপ্ৰিয় চেলিব্ৰিটি

আজিৰ বিয়াত শিল্পীৰ পৰা আৰম্ভ কৰি ৰাজনীতিবিদ আৰু চেলিব্ৰিটিলৈকে বহুতো জনপ্ৰিয় লোকে অংশগ্ৰহণ কৰিব । জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ উপস্থিত থকাৰ কথা আছে । অৱশ্যে কোনো কাৰণত অভিনেতা অক্ষয় কুমাৰ উপস্থিত থাকিব নোৱাৰিব বুলি জানিব পৰা গৈছে । কিন্তু পৰিণীতিৰ ভগ্নী তথা বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও সন্ধিয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Ragneeti Wedding: ৰাঘৱ পৰিণীতি বিবাহৰ শুভ লগ্ন কেতিয়া ? অতিথি কোন কোন আহিব ? পঢ়ক সবিশেষ

ABOUT THE AUTHOR

...view details