অসম

assam

ETV Bharat / entertainment

Harrdy Sandhu: শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা-ৰাঘৱ চাড্ডা, নিশ্চিত কৰিলে হাৰ্ডি সান্ধুৱে - পৰিণীতি চোপ্ৰাৰ বিয়া

আপ নেতা ৰাঘৱ চাড্ডাৰ সৈতে পৰিণীতি চোপ্ৰাৰ বিয়াৰ আন এক আনুষ্ঠানিক নিশ্চিতকৰণ । কণ্ঠশিল্পী তথা অভিনেতা হাৰ্ডি সান্ধুৱে নিশ্চিত কৰিলে দুয়োৰে বিবাহৰ বাতৰি (AAP leader Raghav chadha with parineeti) ৷ হাৰ্ডিয়ে কি ক’লে তেওঁলোকৰ বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Parineeti Chopra Raghav Chadha to tie knot soon, confirms Harrdy Sandhu
হাৰ্ডি সান্ধুৱে নিশ্চিত কৰিলে পৰিণীতি চোপ্ৰা-ৰাঘৱ চাড্ডা বিবাহৰ খবৰ

By

Published : Mar 31, 2023, 1:38 PM IST

চিটাৰা ডেস্ক, 31 মাৰ্চ: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডাৰ বিবাহৰ বাতৰিৰ মাজতে এইবাৰ কণ্ঠশিল্পী তথা অভিনেতা হাৰ্ডি সান্ধুৱে নিশ্চিত কৰিলে দুয়োৰে সম্পৰ্ক ৷ শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কণ্ঠশিল্পী তথা অভিনেতাগৰাকীয়ে নিশ্চিত কৰিছে যে পৰিণীতি আৰু ৰাঘৱ সঁচাকৈয়ে বিবাহ পাশত আৱদ্ধ হ’বলৈ গৈ আছে (Parineeti Chopra latest news) ৷

মুম্বাইত সঘনাই একেলগে দেখা পোৱাৰ পিচতে পৰিণীতি আৰু ৰাঘৱৰ ডেটিঙৰ বাতৰি প্ৰচাৰ হৈছিল (Parineeti Chopra wedding rumours) ৷ ইয়াৰ পিচত শেহতীয়াকৈ পৰিণীতিক প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ওচৰলৈ যোৱা দেখা গৈছিল, যাৰ ফলত দুয়োৰে ডেটিঙৰ খবৰ আৰু অধিক নিশ্চিত হৈ পৰে ৷ ক’ড নেম ত্ৰিৰংগা ছবিখনত পৰিণীতিৰ সহ অভিনেতা হাৰ্ডি সান্ধুৱে শেহতীয়াকৈ পৰিণীতি আৰু ৰাঘৱৰ সম্পৰ্ক নিশ্চিত বুলি প্ৰকাশ কৰিছে ৷

আনকি হাৰ্ডিয়ে জনাইছে যে তেওঁ পৰিণীতি আৰু ৰাঘৱৰ সম্পৰ্কৰ বাবে অভিনন্দনো জ্ঞাপন কৰিছে (Harrdy sandhu confirms parineeti raghav wedding) । উল্লেখ্য যে, ইয়াৰ পূৰ্বে আপৰ সাংসদ সঞ্জীৱ অৰোৰাই টুইটাৰ যোগে পৰিণীতি আৰু ৰাঘৱক অভিনন্দন জনাইছিল (Parineeti and raghav dating)। এই বিষয়ে হাৰ্ডিয়ে কয়,"অৱশেষত এইটো হ’বলৈ গৈ আছে, যাৰ বাবে মই অতিকৈয়ে আনন্দিত । মই পৰিণীতিৰ মংগল কামনা কৰিছো । মই পৰিণীতিক ফোন কৰি অভিনন্দন জনাইছো ।"

হাৰ্ডিয়ে লগতে প্ৰকাশ কৰে যে তেওঁৰ আৰু পৰিণীতিৰ ছবি ক’ড নেম ত্ৰিৰংগাৰ চিত্ৰগ্ৰহণৰ সময়ত তেওঁলোকে বিবাহৰ বিষয়ে আলোচনা কৰিছিল আৰু পৰিণীতিয়ে উল্লেখ কৰিছিল যে তেওঁ "পাৰফেক্ট ল’ৰা" লগ পালেহে বিয়া হ’ব । পৰিণীতি আৰু ৰাঘৱৰ বিবাহৰ বাতৰিক সম্বোধন কৰা প্ৰথমজন ব্যক্তি আছিল আপৰ সাংসদ সঞ্জীৱ অৰোৰা ৷ সঞ্জীৱে ২৮ মাৰ্চত টুইটাৰত পোষ্ট কৰি লিখিছিল, " @raghav chadha আৰু @ParineetiChopra লৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।" দুয়োৰে একেলগে থকা এখন ছবি শ্বেয়াৰ কৰি তেওঁ লগতে কয়,"ভগৱানে তেওঁলোকক আজীৱন মৰম, সুখ আৰু একেলগে থকাৰ সুবিধা প্ৰদান কৰক । আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।"

আপৰ নেতা ৰাঘৱ চাড্ডাৰ সৈতে পৰিণীতিৰ সম্পৰ্ক থকাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিচৰে পৰাই সংবাদ শিৰোনাম দখল কৰি আহিছে পৰিণীতিয়ে । যিহেতু দুয়োগৰাকীয়ে নিজৰ সম্পৰ্কৰ স্থিতি ব্যক্তিগতভাৱে ৰাখিছে, গতিকে পৰিণীতি চোপ্ৰাই আপ নেতা ৰাঘৱ চাড্ডাক বিয়া কৰাব নে নকৰে সেয়া কেৱল স্পষ্ট কৰিব পাৰিব খোদ পৰিণীতিয়ে হে (AAP leader Raghav chadha with parineeti)৷

লগতে পঢ়ক:Parineeti Chopra: বিবাহৰ খবৰৰ মাজতে দিল্লী বিমানবন্দৰত দেখা গ’ল পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক

ABOUT THE AUTHOR

...view details