অসম

assam

Parineeti Chopra: ৰাঘৱৰ সৈতে বিয়াৰ খবৰৰ মাজতে অনামিকা আঙুলিত ৰূপৰ আঙঠি পিন্ধিলে পৰিণীতি চোপ্ৰাই

By

Published : Apr 18, 2023, 10:19 PM IST

বিগত কিছু দিনৰ পৰা ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰাৰ বিবাহৰ খবৰে সামাজিক মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ ইয়াৰ মাজতে অনামিকা আঙুলিত ৰূপৰ আঙঠি পৰিধান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে পৰিণীতি চোপ্ৰাই (Parineeti Chopra wears silver ring) ৷

Parineeti Chopra flaunts silver band on ring finger amid wedding rumours with Raghav Chadha
ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰা

চিটাৰা ডেস্ক, 18 এপ্ৰিল: বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহৰ জল্পনা-কল্পনাৰ মাজতে ৰিং ফিংগাৰত ৰূপৰ আঙঠি পৰিধান কৰা দেখা গ’ল পৰিণীতি চোপ্ৰাক । আম আদমী পাৰ্টিৰ নেতাগৰাকীৰ সৈতে পৰিণীতিৰ ডেটিঙৰ খবৰে বিগত সময়ৰ পৰা সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে । সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি চলিত মাহৰ আৰম্ভণিতে প্ৰিয়ংকা চোপ্ৰা ভাৰতলৈ আহিছিল ভগ্নী পৰিণীতি চোপ্ৰাৰ এংগেজমেণ্টৰ বাবে (Parineeti Chopra wears silver band on ring finger) ৷ অৱশ্যে এই বিষয়ে এই পৰ্যন্ত আপৰ নেতা ৰাঘৱ চাড্ডা আৰু পৰিণীতিয়ে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷

এইসমূহ খবৰৰ মাজতে সোমবাৰে নিশা পৰিণীতি চোপ্ৰাই ৰিং ফিংগাৰত পৰিধান কৰা আঙঠিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । সাধাৰণ বেণ্ডৰ আঙঠি পৰিধান কৰিলেও আঙঠিটো পৰিধান কৰা স্থানৰ বাবেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল (Parineeti Chopra wears silver ring) । সোমবাৰে চেলিব্ৰিটি মেনেজাৰ পুনম দমনিয়াৰ কাৰ্যালয়ত দেখা পোৱা গৈছিল অভিনেত্ৰীগৰাকীক (Parineeti Chopra wedding rumours) ।

অভিনেত্ৰীগৰাকীক বগা ক্ৰপ টপ, বুটাম নথকা চাৰ্ট আৰু জিন্সত কেজুৱেল দেখা গৈছিল। পৰিণীতিয়ে এই লুকৰ সৈতে সামান্য মেকআপ কৰিছিল আৰু কোনো গহনা নাছিল শৰীৰত, যদিও আঙঠি পৰিধান কৰা আঙুলিত ৰূপৰ আঙঠিৰ বাহিৰে । অফিচৰ পৰা ওলাই অহাৰ পূৰ্বে কেমেৰাত হাঁহি প’জ দিয়ে অভিনেত্ৰীগৰাকীয়ে (Parineeti Chopra wedding rumours Raghav Chadha) ৷

ইফালে শেহতীয়াকৈ যেতিয়া ৰাঘৱে সংবাদ মাধ্যমৰ সৈতে সাক্ষাৎ কৰিছিল, তেতিয়া সাংবাদিকে ৰাঘৱক পৰিণীতিৰ বিষয়ে প্ৰশ্ন কৰিছিল (Parineeti Chopra Raghav Chadha rumours) ৷ পৰিণীতিৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয় লাজতে ৰঙা পৰি হাঁহি হাঁহি কয়, ‘‘আজি আমাৰ বাবে অত্যন্ত সুখৰ দিন, কিয়নো আম আদমি পাৰ্টি জাতীয় দল হিচাপে পৰিগণিত হৈছে ৷ গতিকে ৰাজনীতিৰ বিষয়ে মোক প্ৰশ্ন কৰক পৰিণীতিৰ বিষয়ে নহয় ৷’’

লগতে পঢ়ক:Vivek Agnihotri : সমকামী বিবাহক লৈ দ্য কাশ্মীৰ ফাইলছৰ পৰিচালকে ক’লে এক ডাঙৰ কথা

ABOUT THE AUTHOR

...view details