অসম

assam

Mission Raniganj: বিবাহৰ পূৰ্বে ছবি প্ৰচাৰৰ বাবে অক্ষয়ৰ সৈতে দেখা গ’ল পৰিণীতিক

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:53 PM IST

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহৰ খবৰৰ মাজতে অভিনেত্ৰীগৰাকীক তেওঁৰ আগন্তুক ছবিৰ প্ৰচাৰত ব্যস্ত দেখা গ’ল ।

Parineeti chopra arrives for Mission Raniganj Promotions with Akshay kumar
ৰাণীগঞ্জ প্ৰমোচন

চিটাৰা ডেস্ক, 14 ছেপ্টেম্বৰ: সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চিত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহৰ বিষয় ৷ দুয়োৰে বিয়া কেতিয়া হ’ব, স্থান আৰু অন্যান্য সবিশেষ সম্পৰ্কে ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা চলিছে ৷ বিবাহৰ বাতৰিৰ মাজতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আগন্তুক ছবি ‘মিছন ৰাণীগঞ্জ’ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিলে । ৰাঘৱ চাড্ডাৰ সৈতে বিয়াৰ পূৰ্বে পৰিণীতিয়ে সহ অভিনেতা অক্ষয় কুমাৰৰ সৈতে তেওঁৰ আগন্তুক ছবি ‘মিছন ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ’ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৷

মিছন ৰাণীগঞ্জৰ প্ৰচাৰত ব্যস্ত পৰিণীতি চোপ্ৰা আৰু অক্ষয় কুমাৰ

অক্ষয় কুমাৰ আৰু পৰিণীতি চোপ্ৰাই তেওঁলোকৰ ছবি ‘মিছন ৰাণীগঞ্জ’ৰ প্ৰচাৰৰ সময়ত পাপাৰাজীৰ বাবে পোজ দিয়া দেখা গৈছিল । বগা পেণ্টৰ সৈতে ক’লা কুৰ্তা পৰিধান কৰিছে পৰিণীতিয়ে ৷ চুলিকোচা পনিটেইল বান্ধিছিল আৰু অভিনেত্ৰীগৰাকীয়ে পিন্ধিছিল সাধাৰণ এযোৰ কাণফুলি । লগতে পৰিণীতিয়ে ক’লা ৰঙৰ পইণ্টেড-ট’ পাম্প পৰিধান কৰিছিল, যিটো অভিনেত্ৰীগৰাকীৰ সাজ-পোছাকৰ সৈতে একেবাৰে মিলি গৈছিল । ইফালে কেজুৱেল লুক বাছি লোৱা অক্ষয় কুমাৰৰ সৈতে পোজ দিয়া দেখা গৈছে অভিনেত্ৰীগৰাকী । অভিনেতাগৰাকীয়ে পৰিধান কৰিছিল ক’লা ৰঙৰ গ্রাফিক প্ৰিন্ট টি-চাৰ্টৰ সৈতে মেচিং পেণ্ট আৰু বগা স্নিকাৰ ।

মিছন ৰাণীগঞ্জৰ বিষয়ে

মিছন ৰাণীগঞ্জক প্ৰথমে কেপচুল গিল নাম দিয়া হৈছিল যদিও পিছলৈ দ্য গ্ৰেট ইণ্ডিয়ান ৰেচকিউ নামেৰে নামাকৰণ কৰা হৈছিল । শেষত ছবিখনৰ শিৰোনাম সলনি কৰি মিছন ‘ৰাণীগঞ্জ: দ্য গ্ৰেট ভাৰত ৰেচকিউ’ কৰা হয় । টিনু সুৰেশ দেশাইৰ পৰিচালনাত নিৰ্মিত এই ছবিখন প্ৰয়াত খনি অভিযন্তা যশৱন্ত সিং গিলৰ কাহিনীৰ আধাৰত নিৰ্মিত, যিয়ে ১৯৮৯ চনৰ নৱেম্বৰ মাহত ৰাণীগঞ্জৰ বানত কয়লা খনিত আবদ্ধ হৈ থকা খনিকৰসকলক উদ্ধাৰ কৰিছিল।

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়া

অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত উদয়পুৰত পৰিণীতি আৰু ৰাঘৱৰ বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি নিজৰ কামৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পিচত পৰিণীতিয়ে বিক্ৰেতাসকলৰ সৈতে চূড়ান্ত বৈঠক অনুষ্ঠিত কৰি তেওঁৰ বিয়াৰ বাবে চলি থকা সকলো প্ৰস্তুতি পৰীক্ষা আৰু নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিছে। অহা চাৰি-পাঁচ দিনৰ ভিতৰত উদয়পুৰলৈ যাত্ৰা কৰিব অভিনেত্ৰীগৰাকী।

লগতে পঢ়ক:Katrina Kaif Desi look: দেশী লুকত বিমানবন্দৰত প্ৰৱেশ কেটৰিনা কাইফৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল কেটৰিণাৰ এই লুক

ABOUT THE AUTHOR

...view details