অসম

assam

Parineeti Raghav Roka: ৰাঘৱৰ সৈতে পৰিণীতি চোপ্ৰাৰ বিবাহ ঠিক হ’ল নেকি ? চাওক প্ৰমাণ

By

Published : Mar 24, 2023, 10:58 PM IST

আম আদমি পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা আৰু বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ বিবাহ ঠিক হৈছে (Parineeti Raghav Roka) ! সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Parineeti Chopra  and Raghav Chadha Roka, read her full story
আম আদমি পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা আৰু বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ বিবাহ ঠিক হৈছে

চিটাৰা ডেস্ক, 24 মাৰ্চ: শেহতীয়াকৈ দেশৰ ৰাজনীতিত ব্যাপক আলোড়নৰ সৃষ্টি হৈছে । এফালে মোদী উপাধিৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভাৰ সদস্য পদ বাতিল কৰা হৈছে আৰু আনফালে, আম আদমী পাৰ্টিৰ যুৱ নেতা তথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৈতে নাম সাঙোৰ খাইছে ৷ সম্প্ৰতি এই দুই খবৰে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে (Parineeti Chopra) ৷ পূৰ্বে দুয়ো একেলগে সময় অতিবাহিত কৰা দেখা পোৱা গৈছিল যদিও বৰ্তমান দুয়োৰে বিষয়ে আন এটা ডাঙৰ খবৰ পোৱা গৈছে (Raghav Chadha Roka) ৷

গোপনে বিবাহ ঠিক হৈছে নেকি ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰাৰ ?

উল্লেখ্য যে, বিজেপি সমৰ্থক সমীত ঠাক্কাৰে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাক লৈ শেহতীয়াকৈ এটা টুইট কৰিছে ৷ টুইট কৰি কেপচনত লিখিছে, "পাঞ্জাবী দম্পতীৰ বিবাহ ঠিক হোৱাৰ বাবে শুভেচ্ছা থাকিল।" লগতে সমীতে তেওঁৰ প্ৰফাইলত লিখিছে যে ভাৰত প্ৰধানমন্ত্ৰীয়ে মোদীয়ে তেওঁক টুইটাৰত ফ’ল’ কৰে । সমীত বিজেপিৰ কট্টৰ সমৰ্থক আৰু টুইটাৰত সমীতৰ লাখ লাখ ফ’ল’ৱাৰ আছে ।

সমীতে শ্বেয়াৰ কৰা ভিডিঅ’টো সেই একেটা ভিডিঅ’ য’ত মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৰাঘৱ আৰু পৰিণীতিক একেলগে দেখা পোৱা গৈছিল (Parineeti Raghav Roka ceremony) । সমীতৰ মতে বিবাহ ঠিক হৈছে পৰিণীতি আৰু ৰাঘৱৰ ৷ সমীতে নিজৰ টুইটত পৰিণীতি আৰু ৰাঘৱক অভিনন্দন জনায় (Parineeti Chopra and Raghav Chadha Roka)।

উল্লেখ্য যে, ২৩ মাৰ্চত মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত দেখা পোৱা গৈছিল ৰাঘৱ আৰু পৰিণীতিক ৷ ইয়াৰ পিছদিনা বান্দ্ৰাত পুনৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে একেলগে দেখা গৈছিল দুয়োকে। ইফালে ২৪ মাৰ্চত অৰ্থাৎ আজি পৰিণীতি চোপ্ৰাৰ সন্দৰ্ভত সংসদৰ বাহিৰত ৰাঘৱ চাড্ডাক প্ৰশ্ন কৰিছিল সাংবাদিকে ৷ তেতিয়া সাংসদগৰাকীয়ে লাজতে কৈছিল যে ৰাজনীতিৰ সন্দৰ্ভত মোক প্ৰশ্ন কৰক, পৰিণীতি বিষয়ত নহয় । দুয়োৰে বিবাহ সন্দৰ্ভত সোধা প্ৰশ্নত ৰাঘৱে সাংবাদিকৰ আগত কৈছিল যে তেওঁ এই বিষয়ে অতি সোনকালেই আপডেট দিব আৰু ছাচপেন্স নাৰাখে ৷

লগতে পঢ়ক:Parineeti Chopra: আপৰ নেতাৰ সৈতে ডেট কৰি আছে নেকি পৰিণীতি চোপ্ৰাই ?

ABOUT THE AUTHOR

...view details