চিটাৰা ডেস্ক, ২৫ ছেপ্টেমম্বৰ:অৱশেষত পূৰ্ণতা লাভ কৰিলে প্ৰেমে ৷ অগ্নিক সাক্ষী কৰি ৭ জনমৰ বাবে এক হ’ল বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাড্ডা । ২৪ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হয় পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডা ৷ অৱশ্যে উদয়পুৰৰ লীলা পেলেচত অনুষ্ঠিত হোৱা বিয়াৰ প্ৰথমখন ছবিৰ বাবে সকলোৱে অপেক্ষা কৰি আছিল । অৱশেষত অন্ত পৰিল সকলোৰে অপেক্ষাৰ ৷ বিবাহৰ পিচত প্ৰথমখন ছবি পোহৰলৈ আহিছে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ ।
বিয়াৰ পিচত মিষ্টাৰ আৰু মিচেছ চাড্ডাৰ প্ৰথমখন ছবি পোহৰলৈ আহিল
ছবিখনত মিষ্টাৰ আৰু মিচেছ চাড্ডাক সুন্দৰ দেখা গৈছে ৷ শিৰত সেন্দুৰ, হাতত খাৰু আৰু গোলাপী ৰঙৰ শাৰীত ন কইনা পৰিণীতিক ধুনীয়া দেখা গৈছে ৷ আনহাতে ৰাঘৱ চাড্ডাকো ক’লা চুটত ডেছিং দেখা গৈছে ।
এই ছবিখন ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া অনুষ্ঠিত হোৱা অভ্যৰ্থনা অনুষ্ঠানৰ, যিটো ইনষ্টাগ্ৰামত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰৰ ফেন পেজে শ্বেয়াৰ কৰিছে । কেপচনত উল্লেখ আছে যে এই ছবিখন ৰিচেপচনৰ । বিয়াৰ পিচত এই দম্পতীৰ প্ৰথম আভাস পোহৰলৈ অহাৰ পাচতে ভাইৰেল হৈ পৰে ছবিখন ।
উল্লেখ্য যে দেওবাৰে উদয়পুৰৰ লীলা পেলেচত সম্পন্ন হয় বিয়াখন । ২২ ছেপ্টেম্বৰৰ পৰা মেহেন্দী অনুষ্ঠানৰ পৰা আৰম্ভ হৈছিল বিবাহ অনুষ্ঠান । ২৩ ছেপ্টেম্বৰত হালদী আৰু চুফী নাইটত অনুষ্ঠিত হয় ৷
ইফালে সংগীত অনুষ্ঠানত আমন্ত্ৰণ কৰা হৈছিল গায়ক নৱৰাজ হান্সক ৷ নৱৰাজৰ গীতৰ তালে তালে কি দৰা, কি কইনা কি অতিথি সকলোৱে নৃত্য পৰিৱেশন কৰে ৷ ইফালে সংগীত অনুষ্ঠানৰ পিচত নৱৰাজে পৰিণীতি আৰু ৰাঘৱৰ সৈতে এখন ছবি শ্বেয়াৰ কৰে আৰু মূহুৰ্ততে ভাইৰেল হৈ পৰে ছবিখন ৷ অৱশ্যে ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পাচতে তেওঁ ছবিখন ডিলিট কৰি দিয়ে । কিন্তু এই ছবিখন ডিলিট কৰাৰ কেইমিনিটমানৰ ভিতৰতে ভাইৰেল হৈ পৰে ।
ইফালে এই ৰাজকীয় বিবাহত পৰিণীতিৰ আত্মীয়কে ধৰি বলীউডৰ একাংশ ব্যক্তি উপস্থিত আছিল । কেৱল ইমানেই নহয়, আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰৰ ঘনিষ্ঠ বন্ধুসকলো এই বিবাহৰ সাক্ষী হৈছিল । পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান সিং, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বহু ডাঙৰ নেতাই এই দম্পতীহালক অভিনন্দন জনাবলৈ উপস্থিত হৈছিল বিয়াত ।
অৱশ্যে বিয়াৰ ছবি এতিয়াও পোষ্ট কৰা নাই পৰিণীতি কিম্বা ৰাঘৱে ৷ বিবাহৰ ছবিখনলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীয়ে ৷ ইফালে বিয়াত উপস্থিত থকা অতিথিসকলে ছ’চিয়েল মিডিয়াত নিজৰ নিজৰ ছবি শ্বেয়াৰ কৰিছে । পৰিণীতি চোপ্ৰাৰ বন্ধু ছানিয়া মিৰ্জাই ভগ্নীৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ।
২৫ ছেপ্টেম্বৰত অৰ্থাৎ আজি দিল্লীলৈ উভতি আহিব এই দম্পতী
উল্লেখ্য যে, পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ আঙঠি পিন্ধোৱা পৰ্ব ১৩ মে’ত দিল্লীৰ কাপুৰথালা হাউচত হৈছিল । এই পৰ্বত দুয়োৰে ঘনিষ্ঠ লোক উপস্থিত আছিল । এংগেজমেণ্টত পৰিৰ ভগ্নী প্ৰিয়ংকা চোপ্ৰাও উপস্থিত আছিল যদিও বিয়াত উপস্থিত নাছিল । ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই দম্পতীক বিবাহৰ বাবে অভিনন্দন জনাইছে প্ৰিয়ংকা চোপ্ৰাই ।
লগতে পঢ়ক:Raghav Parineeti Wedding : নৱৰাজ হান্সৰ গীতত নাচিলে পৰিণীতি-ৰাঘৱ, এই সন্দৰ্ভত কি ক’লে কণ্ঠশিল্পীগৰাকীয়ে