অসম

assam

ETV Bharat / entertainment

Parag Kansara comedy, কমেডিয়ান পৰাগ কংসাৰাৰ দেহাৱসান - পৰাগ কংসাৰাৰ মৃত্যু

সুপৰিচিত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পিছত বুধবাৰে ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফ্টাৰ চেলেঞ্জ’ খ্যাত পৰাগ কংসাৰাৰ মৃত্যু হয় ।

Parag Kansara
কমেডিয়ান পৰাগ কংসাৰৰ দেহাৱসান

By

Published : Oct 6, 2022, 1:07 PM IST

চিটাৰা ডেস্ক, 6 অক্টোবৰ :সুপৰিচিত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ পিছত ‘দ্য গ্ৰেট ইণ্ডিয়ান লাফ্টাৰ চেলেঞ্জ’ খ্যাত পৰাগ কংসাৰাই বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 51 বছৰ । তেওঁৰ বন্ধু তথা জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান সুনীল পালে এই দুখৰ খবৰটো ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰে ।

সুনীলে লিখে, "নমস্কাৰ বন্ধুসকল, কমেডীৰ জগতৰ পৰা আন এক চাঞ্চল্যকৰ আৰু বেয়া খবৰ । পৰাগ কংসাৰাজী আমাৰ 'লাফটাৰ চেলেঞ্জ'ৰ সহ-প্ৰতিযোগী এই পৃথিৱীত আৰু নাই । পৰাগ, যিয়ে বিপৰীত চিন্তাধাৰাৰ কৌতুক কৰিছিল আৰু আমাক হহুঁৱাইছিল, তেওঁ আৰু নাই" ৷ বিগত কেইদিনমানত কৌতুক জগতত হোৱা ইটোৰ পিছত সিটো মৃত্যুৰ বিষয়ে শোক প্ৰকাশ কৰি তেওঁ কয়, "মই নাজানো কিয় সকলোকে হাঁহিবলৈ বাধ্য কৰা লোকসকল আৰু তেওঁলোকৰ পৰিয়ালে এই দুখৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে । এজন এজনকৈ কৌতুক স্তম্ভবোৰ আমাৰ পৰা আঁতৰি গৈছে" ৷

সুনীলে ৰাজু শ্ৰীবাস্তৱ, দীপেশ ভান, অশোক সুন্দ্ৰাণী আৰু অনন্ত শ্ৰীমণিকে ধৰি শেহতীয়াকৈ প্ৰাণ হেৰুওৱা আন কৌতুক অভিনেতাসকলকো স্মৰণ কৰে । তেওঁ এই কৌতুক অভিনেতাসকলৰ বিষয়ে কৈছিল যে তেওঁলোকে কেনেকৈ সকলোকে হাঁহিবলৈ বাধ্য কৰে আৰু তেওঁলোকক তেওঁলোকৰ বেদনা আৰু যন্ত্ৰণা পাহৰিবলৈ শিকায় (Parag Kansara comedy) ৷

লগতে পঢ়ক :Salman Khan body double, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ছলমান খানৰ বডি ডাবলৰ

ABOUT THE AUTHOR

...view details