চিটাৰা ডেস্ক, 26 জুলাই: টিভি উদ্যোগৰ পৰা আহিছে এটা ভাল খবৰ ৷ খবৰ অনুসৰি পিতৃ-মাতৃ হ’ল টিভিৰ জনপ্ৰিয় অভিনেতা গৌতম ৰ’ড আৰু অভিনেত্ৰী পংখুড়ী অৱস্থী । যমজ সন্তানক জন্ম দিছে পংখুড়ী অৱস্থীয়ে ৷ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ হ’ল পংখুড়ী । ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজক এই ভাল খবৰটো নিজেই শ্বেয়াৰ কৰিছে এই দম্পতীয়ে। এই খবৰটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে অনুৰাগী তথা চেলিব্ৰিটি সকলে ছ’চিয়েল মিডিয়াত গৌতম ৰ’ড আৰু পংখুড়ী অৱস্থীক অভিনন্দন জনাইছে। পিতৃ-মাতৃয়ে জনোৱা মতে, ২৫ জুলাইত জন্ম হৈছে সন্তান ৷
পিতৃ-মাতৃ হ’ল পংখুড়ী অৱস্থী আৰু গৌতম ৰ'ড
গৌতম ৰ’ডে আৰু পংখুড়ী অৱস্থীয়ে সকলোৰে মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। আনহাতে, অনুৰাগীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে নতুন পিতৃ-মাতৃক অভিনন্দন বাৰ্তাও প্ৰেৰণ কৰিছে। বহু চেলিব্ৰিটিয়ে দুয়োকে পিতৃ-মাতৃ হোৱাৰ শুভেচ্ছা প্ৰেৰণ কৰিছে।
যমজ সন্তান জন্ম দিলে পংখুড়ী অৱস্থীয়ে
উল্লেখ্য যে টিভি উদ্যোগৰ জনপ্ৰিয় দম্পতী পংখুড়ী অৱস্থী আৰু গৌতম ৰ’ডে যোৱা ২৫ জুলাইত আদৰণি জনাইছে নতুন আলহীক ৷ এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছে পংখুড়ী অৱস্থী। দুয়ো ইনষ্টাগ্ৰাম একাউণ্টত এটা অতি মৰমলগা মেছেজ শ্বেয়াৰ কৰি সকলো পিতৃ-মাতৃ হোৱাৰ খবৰটো শ্বেয়াৰ কৰিছে ৷ এই টোকাটো শ্বেয়াৰ কৰাৰ পিছৰে পৰা চেলিব্ৰিটি বন্ধু দিব্যংকা ত্ৰিপাঠী, ভাৰতী সিং, দেৱোলীনা, মহছিন খান, আমিৰ আলীয়ে তেওঁলোকক অভিনন্দন জনাইছে ।
গৌতম ৰ’ড-পংখুড়ী অৱস্থীৰ বিবাহ
তথ্য অনুসৰি টিভি ধাৰাবাহিক ‘সূৰ্যপুত্ৰ কৰ্ণ’ৰ সময়ত পংখুড়ী অৱস্থী আৰু গৌতম ৰ’ড প্ৰথমবাৰৰ বাবে লগ হৈছিল । এই ধাৰাবাহিকখনত পংখুড়ীয়ে দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে গৌতম ৰ’ডক কৰ্ণৰ চৰিত্ৰত দেখা গৈছিল । এই শ্ব’টোৰ সময়তে দুয়োৰে বন্ধুত্ব হৈছিল আৰু তাৰ পিচতে দুয়োগৰাকীয়ে ইগৰাকী সিগৰাকীৰ প্ৰেমত পৰে ৷ উল্লেখ্য যে গৌতম ৰ’ড পত্নীতকৈ প্ৰায় ১৪ বছৰ ডাঙৰ। অৱশেষত ২০১৮ চনত ৰাজস্থানত বিবাহপাশত আবদ্ধ হয় দুয়ো আৰু এতিয়া বিবাহৰ ৫ বছৰৰ পাচত দুয়ো পিতৃ-মাতৃ হয় ।
লগতে পঢ়ক:Shikha Malhotra: শ্বাহৰুখৰ ফেনত অভিনয় কৰা এইগৰাকী অভিনেত্ৰীৰ জীৱনলৈ হঠাৎ আহিছিল ধুমুহা; পঢ়ক সবিশেষ