চিটাৰা ডেস্ক, 13 এপ্ৰিল: ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি কি জান’ৰ ষ্টাৰকাষ্ট সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চাত আছে ৷ এই ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব টেলিভিজন অভিনেত্ৰী শ্বেতা তিৱাৰীৰ কন্যা পলক তিৱাৰী ৷ শেহতীয়াকৈ এটা সাক্ষাৎকাৰত পলকে ছলমানৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে ৷ লগতে ছলমান খানৰ বিষয়ে এটা ডাঙৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে (Salman Khan set)। পলকে কয় যে ছলমানৰ ছবিৰ চেটত ছোৱালীৰ সাজ-পোছাক সন্দৰ্ভত নিয়ম নিৰ্ধাৰণ কৰা হয় (Palak Tiwari Salman Khan) ।
পলক তিৱাৰীয়ে ছলমান খানৰ সন্দৰ্ভত ক’লে এই কথা
পলকে কয়, "মই ছলমান খানৰ শেষৰখন ছবিত সহকাৰী পৰিচালক হিচাবে কাম কৰিছিলো ৷ এই কথাটো বহুতে জানে বুলি মই নাভাবো, ছলমান ছাৰৰ এটা নিয়ম আছে যে মোৰ চেটত থকা ছোৱালীবোৰৰ নেকলাইন থাকিব লাগে। সকলো ছোৱালীয়ে নিজকে ঢাকি ৰাখিব লাগে । ভাল ছোৱালীৰ দৰে । গতিকে যেতিয়া মায়ে মোক চাৰ্ট-জগাৰ পৰিধান কৰি চেটত যোৱা দেখিলে ৷ তেতিয়া মায়ে মোক সুধিলে মই ক’লৈ গৈ আছো ?
'ছলমানে বিচাৰে শ্বুটিঙৰ চেটত ছোৱালীক সুৰক্ষা দিয়া
পলকে লগতে কয়, "গতিকে মই উত্তৰ দিলোঁ - মই ছলমান ছাৰৰ চেটলৈ গৈ আছো । মায়ে ক’লে - ৱাহ । এইটো বৰ ভাল । তেওঁ মোক সুধিলে ছোৱালীৰ বাবে এনে নিয়ম কিয় বনোৱা হৈছে ? তেতিয়া মই তেওঁক কলো- তেওঁ এজন পৰম্পৰাবাদী, অৱশ্যেই তেওঁ কয় যে যি মন যায় পৰিধান কৰা, কিন্তু তেওঁৰ সদায় অনুভৱ হয় যে তেওঁৰ লগত কাম কৰা ছোৱালীবোৰক সুৰক্ষা দিয়াটো তেওঁৰ দায়িত্ব ।"