চিটাৰা ডেস্ক, 20 এপ্ৰিল: শ্বেতা তিৱাৰী টিভি জগতৰ এগৰাকী জনপ্ৰিয় তাৰকা ৷ নিজৰ সুন্দৰ চেহেৰা আৰু ফিটনেছৰ বাবে বাৰুকৈয়ে চৰ্চাত থাকে শ্বেতা তিৱাৰী ৷ ষ্টাৰ প্লাছৰ পৰা আৰম্ভ কৰি চ’নী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক সমূহৰ মুখ্য চৰিত্ৰত অভিনয় কৰি শ্বেতাই দৰ্শকৰ মনত এক সুকীয়া স্থান অধিকাৰ কৰি থৈছে ৷
শ্বেতাৰ পিছত লাহে লাহে এতিয়া জীয়েক পলকেও খোজ পেলাইছে গ্লেমাৰ জগতখনত (Palak Tiwari latest news) ৷ শেহতীয়া এটা সাক্ষাৎকাৰত পলকে কৈছে যে মাতৃৰ বিষয়ে তেওঁ নিজৰ বন্ধু বান্ধৱী সমূহৰ পৰা যথেষ্ট যোগাত্মক কথা শুনিবলৈ পায় ৷ কিন্তু কেতিয়াবা নিজৰ পুৰুষ বন্ধুৰ ওপৰত চিঞৰিব লগা পৰিস্থিতিও আহি পৰিছে বুলি পলকে জানিবলৈ দিয়ে (Palak Tiwari on mother Shweta tiwari) ৷