চিটাৰা ডেস্ক, 14 এপ্ৰিল: বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি জান’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব জনপ্ৰিয়ভাৱে ‘বিজলী-বিজলী গাৰ্ল’ নামেৰে পৰিচিত পলক তিৱাৰীয়ে ৷ এই ছবিখন অহা ২১ এপ্ৰিলত ছবিগৃহত মুক্তি পাব । ছবিখনৰ মুক্তিৰ পূৰ্বে ছবিখনৰ সমগ্ৰ দলটো সম্প্ৰতি ব্যস্ত হৈ আছে ছবিখনৰ প্ৰচাৰৰ কামত (Palak Tiwari)।
ছবিখনৰ প্ৰচাৰৰ সময়ত পলক তিৱাৰীয়ে বলীউড অভিনেতা ছাইফ আলী খানৰ পুত্ৰ ইব্ৰাহিম আলী খানৰ সৈতে থকা কথিত সম্পৰ্কক লৈ নিজৰ মৌনতা ভংগ কৰিছে । ইব্ৰাহিম আলী খানৰ বিষয়ে পলকে যিবোৰ কথা কৈছে, সেইবোৰ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Palak opens up about her relationship with Ibrahim) ৷ লগতে আৰিয়ান খান আৰু সুহানা খানৰ বাবেও পলকে বহু কথাই কৈছে ।
ইব্ৰাহিম আলী খানৰ সৈতে পলকৰ সম্পৰ্কৰ সত্যতা কি ?
সংবাদ মাধ্যমৰ মতে, এটা সাক্ষাৎকাৰত যেতিয়া পলকক ইব্ৰাহিম আলী খানৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰশ্ন সোধা হৈছিল, তেতিয়া পলকে কয়, "তেনেকুৱা একো নাই, ইব্ৰাহিম আৰু মই প্ৰায়ে পাৰ্টিত লগ হয় আৰু কেৱল ভাল বন্ধু, আমি ইমান ঘনিষ্ঠ নহয় । মানুহে যিমানেই বুজি পাইছে, সি অতি প্ৰতিভাশালী, ডাঙৰ তাৰকা হ’ব পাৰে ।’’