চিটাৰা ডেস্ক, 27 ফেব্ৰুৱাৰী: ভাৰতৰ চুবুৰীয়া দেশ হৈছে পাকিস্তান ৷ চুবুৰীয়া দেশ হ’লে কি হ’ব ভাৰত-পাকৰ মাজত কিন্তু খুব এটা সু-সম্পৰ্ক নাই ৷ বিভিন্ন কাৰণত দুয়োখন দেশৰ মাজত প্ৰায়েই মৌখিক সংঘাত পৰিলক্ষিত হৈ আছে শেহতীয়া সময়ত ৷ কিন্তু ইয়াৰ মাজতে ভাৰতীয় কইনাই বিয়াত পিন্ধা ৰঙা সাজ-পোছাকযোৰৰ প্ৰতি আকৰ্ষিত হৈছে পাকিস্তানৰ এগৰাকী অভিনেত্ৰী (Ushna Shah gets married to her royal prince) ৷
উল্লেখ্য যে, কেৱল ভাৰতীয় কইনাৰ সাজ-পোছাকৰ প্ৰতি আকৰ্ষিত হোৱাই নহয়, পাকিস্তানী অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াত ভাৰতীয় কইনাৰ ৰঙা সাজ-পোছাক পৰিধানো কৰিছে (Ushna Shah indian bridal look) ৷ বিয়াত ভাৰতীয় কইনাৰ দৰে ৰঙা সাজ পৰিধান কৰা পাকিস্তানৰ অভিনেত্ৰীগৰাকী হৈছে উছনা শ্বাহ ৷ উছনাই ৰঙা সাজত শেহতীয়াকৈ নিজৰ কেইখনমান ফটো আপলোড কৰে ছ’চিয়েল মিডিয়াত ৷ ফটো আপলোড কৰাৰ পাচতেই ছ’চিয়েল মিডিয়াত সৃষ্টি হয় তীব্ৰ বিতৰ্কৰ ৷ পাকিস্তানী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে উছনাৰ এই ফটোকেইখনৰ ওপৰত আপত্তি দৰ্শাই কমেন্ট কৰা পৰিলক্ষিত হয় (Ushna Shah lashes out at critics commenting)৷
ভাৰতীয় কইনাৰ সাজেৰে সকলোকে মোহিলে পাক অভিনেত্ৰীগৰাকীয়ে
উছনা শ্বাহে জীৱন সংগী হিচাপে বাচি লোৱাজন হৈছে গল্ফ খেলুৱৈ হামজা আমিন (Ushna Shah Wedding) । এইগৰাকী অভিনেত্ৰীয়ে ২৭ ফেব্ৰুৱাৰীত নিজৰ ইনষ্টাগ্ৰামত তেওঁৰ বিবাহৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল । তেওঁলোকৰ বিবাহৰ এক সুন্দৰ আভাস এই ভিডিঅ'টোত পৰিলক্ষিত হৈছে (Ushna Shahs wedding with Hamza Amin) । ভিডিঅ’টোৰ বেগগ্ৰাওণ্ডত বাজি আছিল বলীউডৰ গীত ‘নেনো ৱালে নে’ ৷
পাকিস্তানলৈ ভাৰতীয় সংস্কৃতি নানিব - সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ সকীয়নি