চিটাৰা ডেস্ক, 2 অক্টোবৰ: দেওবাৰে প্ৰেমিক চেলিম কৰিমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল পাকিস্তানী অভিনেত্ৰী মাহিৰা খান । অৱশ্যে ‘ৰইছ’ অভিনেত্ৰীগৰাকীৰ এয়া দ্বিতীয় বিবাহ । অভিনেত্ৰীগৰাকীয়ে যোৱা পাঁচ বছৰ ধৰি ব্যৱসায়ীজনৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল আৰু অৱশেষত বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয় । পাকিস্তানী অভিনেত্ৰীগৰাকীৰ বিয়াৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ল মাহিৰা খান
এই বিয়াত উপস্থিত আছিল অতি সীমিত লোক ৷ পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গৰ উপস্থিতিত চেলিমৰ সৈতে বিবাহপাশত আবদ্ধ হয় মাহিৰা । ইফালে বিয়াৰ প্ৰথমটো ভিডিঅ’ শ্বেয়াৰ কৰিছে মাহিৰাৰ মেনেজাৰ অনুষয় তলহা খানে । ভিডিঅ’টোত মাহিৰাক কইনাৰ সাজ পৰিধান কৰি স্বামীৰ ওচৰলৈ অহা দেখা গৈছে । এই সময়ছোৱাত কইনাৰ সাজত মাহিৰাক দেখি আৱেগিক হৈ পৰে দৰা ।
কইনাৰ সাজত ধুনীয়া দেখা গৈছে মাহিৰাক
মাহিৰা খানে নিজৰ বিশেষ দিনটোত পাতল নীলা ৰঙৰ লেহেংগা পৰিধান কৰিছিল । ইয়াৰ সৈতে পৰিধান কৰিছিল মেচিং দীঘল ওৰণি । কইনাৰ সাজত সুন্দৰ দেখা গৈছে মাহিৰাক ৷ আনহাতে দৰা চেলিমে পৰিধান কৰিছিল সম্পূৰ্ণ ক’লা ৰঙৰ শ্বেৰৱানী । ভিডিঅ’টোত চেলিমে মাহিৰাৰ ওচৰলৈ গৈ সাৱটি ধৰে নিজৰ কইনাগৰাকীক । ইয়াৰ লগে লগে বিয়াত উপস্থিত থকা আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়ে হাত চাপৰি বজাই তেওঁলোকক উৎসাহিত কৰে ।
মাহিৰা খানৰ বিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত অনুৰাগীয়ে অভিনন্দন জ্ঞাপন কৰিছে ।