অসম

assam

By

Published : Sep 13, 2022, 3:41 PM IST

ETV Bharat / entertainment

Urvashi Rautela news: ক্ৰিকেটাৰ উৰ্ৱশী আৰু ইনষ্টাগ্ৰামত ফ’ল’ আনফ’ল’, উৰ্ৱশীৰ জীৱনত প্ৰেমে সৃষ্টি কৰিছে বেমেজালিৰ

এছিয়া কাপ 2022 ৰ পৰা আকৌ এবাৰ চৰ্চালৈ আহিছে বলীউডৰ অভিনেত্ৰী উৰ্ৱশী ৰৌতেলা ৷ ঋষভ পণ্টৰ পৰা গৈ নাম সাঙোৰ খাইছে এইবাৰ পাকিস্তানৰ ক্ৰিকেটাৰ নাছিম শ্বাহৰ সৈতে (Naseem Shah Urvashi Rautela news) । খবৰ অনুসৰি নাছিম শ্বাহে ইনষ্টাগ্ৰামত উৰ্ৱশীক ফ’ল’ কৰে আৰু তাৰ পিছতেই কিছু সময়ৰ পিছতেই কৰিলে এই কাম-

Cricketer Naseem Shah
উৰ্ৱশীৰ জীৱনত প্ৰেমে সৃষ্টি কৰিছে বেমেজালিৰ

চিটাৰা ডেস্ক, 13 ছেপ্টেম্বৰ :এইবাৰ এছিয়া কাপ 2022 ৰ লগতে সমানে আকৰ্ষণীয় হৈছে বলীউডৰ অভিনেত্ৰী উৰ্ৱশী ৰৌতেলা ৷ পাকিস্তানী ক্ৰিকেটাৰ নাছিম শ্বাহৰ সৈতে ভিডিঅ’টো উৰ্ৱশীয়ে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পিছৰে পৰা কাহিনীয়ে লৈছে অন্য দিশ (Urvashi Rautela news) ৷

আগদিনা উৰ্ৱশী ৰৌতেলাক চিনি নাপাও বুলি কৈ পিছদিনা এই দ্ৰুত বলাৰগৰাকীয়ে অভিনেত্ৰীগৰাকীক ইনষ্টাগ্ৰামত ফ’ল’ কৰিবলৈ আৰম্ভ কৰা কাৰ্যই নেটিজেনৰ মাজত উৎসুকতা বৃদ্ধি কৰিছে । মিমবোৰত দেখিবলৈ পোৱা নাছিম শ্বাহৰ ইনষ্টাগ্ৰামৰ স্ক্ৰীণশ্বটবোৰে এই কথা স্পষ্ট কৰিছে যে দুয়োৰে মাজত আনে গম নোপোৱাকৈয়ে চলিছে প্ৰেমৰ বুবু-বাবা ।

উৰ্ৱশীৰ জীৱনত প্ৰেমে সৃষ্টি কৰিছে বেমেজালিৰ

দেখা গৈছে যে নাছিম শ্বাহে প্ৰথমে ইনষ্টাগ্ৰামত উৰ্ৱশীক ফ’ল’ কৰিছিল আৰু তাৰ পিছত পিছত আনফ’ল’ কৰি দিয়ে । আচলতে এই গোটেই বিষয়টো তেতিয়া আৰম্ভ হয় যেতিয়া এছিয়া কাপৰ ভিডিঅ’টো উৰ্ৱশীয়ে তেওঁৰ Instastory ত শ্বেয়াৰ কৰিছিল ।

ঋষভ পণ্টৰ সৈতে উৰ্ৱশীৰ কথাৰ কটাকটি চলি থকাৰ মাজতে তেওঁৰ নামটো পাকিস্তানৰ বেগী বলাৰ নাছিম শ্বাহৰ সৈতে জড়িত হৈ পৰে । এছিয়া কাপ 2022 ৰ সময়ত উৰ্ৱশীয়ে তেওঁৰ ইনষ্টা ষ্ট’ৰীত এটা সম্পাদিত ভিডিঅ’ শ্বেয়াৰ কৰিছিল যাৰ পিছৰে পৰাই নাছিম আৰু উৰ্ৱশী সন্দৰ্ভত বিভিন্ন বাতৰি ওলাই আছে ।

উৰ্ৱশীৰ জীৱনত প্ৰেমে সৃষ্টি কৰিছে বেমেজালিৰ

এই ভিডিঅ’টোত দেখা গৈছে যে ষ্টেডিয়ামত বহি উৰ্ৱশীয়ে হাঁহিছে, আনহাতে নাছিম শ্বাহেও ষ্টেডিয়ামলৈ চাই হাঁহি মাৰিছে । কিন্তু এই ভিডিঅ'টো এনেদৰে সম্পাদনা কৰা হৈছিল যেন দুয়োজনে ইজনে সিজনলৈ চাই হাঁহি আছিল । উৰ্ৱশীয়ে যেতিয়া তেওঁৰ ইনষ্টা ষ্ট’ৰীত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল, ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰে ভিডিঅ’টো ।

উৰ্ৱশীৰ জীৱনত প্ৰেমে সৃষ্টি কৰিছে বেমেজালিৰ

এই ভিডিঅ’টোৰ বিষয়ে নাছিম শ্বাহক সোধাত এই বলাৰজনে উৰ্ৱশীক চিনি পাবলৈ অস্বীকাৰ কৰিছিল । নাছিমে কয় যে তেওঁ উৰ্ৱশী ৰৌতেলা নামৰ কোনো ছোৱালীক চিনি নাপায় । তেওঁৰ ফ’কাচ এই মুহূৰ্তত তেওঁৰ ক্ৰিকেট কেৰিয়াৰত আছে আৰু তেওঁ কেৱল ইয়াতেই মনোনিৱেশ কৰি ৰাখিব বিচাৰে ।

নাছিমৰ এই বক্তব্যৰ পিছত উৰ্ৱশীয়ে তেওঁৰ Instastory ত আন এটা পোষ্ট শ্বেয়াৰ কৰে, য’ত অভিনেত্ৰীগৰাকীয়ে লিখিছিল, ‘কিছুদিন আগতে মোৰ দলটোৱে কিছুমান ফেন মেড এডিট ভিডিঅ’ শ্বেয়াৰ কৰিছিল । দলটোৱে আন মানুহৰ (অৰ্থাৎ নছিম শ্বাহ) অজ্ঞাতে শ্বেয়াৰ কৰিছিল । এই সন্দৰ্ভত কোনোধৰণৰ বাতৰি নচলাবলৈ সংবাদ মাধ্যমক অনুৰোধ জনোৱা হল । সকলোকে ধন্যবাদ আৰু বহুত মৰম’ ।

লগতে পঢ়ক :Richa Chadda and ali fazal wedding:বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰিলে আলী ফজল-ৰিছা চড্ডাই

ABOUT THE AUTHOR

...view details