চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ : অহা বছৰৰ অস্কাৰ বঁটাৰ বাবে মুকলি কৰা হৈছে শ্বৰ্টলিষ্ট কৰা ছবিৰ তালিকা । এই তালিকাৰ পূৰ্বে ভাৰতৰ ফালৰ পৰা বিদেশী ভাষাৰ মালয়ালম ছবি ‘২০১৮’ প্ৰেৰণ কৰা হৈছিল । কিন্তু এতিয়া একাডেমী বঁটাৰ দৌৰৰ পৰা বাহিৰ হ’ল এই ছবিখন । এই খবৰ লাভ কৰাৰ পিচতে যে স্বপ্ন ভংগ হৈ যায় ভাৰতীয় অনুৰাগীৰ ।
অস্কাৰৰ দৌৰত বাহিৰ হ’ল মালয়ালম ছবি '২০১৮'
হয়, অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল মালয়ালম ছবি ‘২০১৮’ । এইবাৰ ভাৰতীয় চলচ্চিত্ৰ জগতৰ কোনো ছবি শ্বৰ্টলিষ্ট হোৱা নাই । অৱশ্যে এই ছবিখনৰ কাহিনী অতি সুন্দৰ আছিল । ২০১৮ চনৰ কেৰালাৰ বানৰ ওপৰত নিৰ্মিত এইখন ছবি ৷ ছবিখন চোৱাৰ পিচতে গাৰ নোম শিয়ৰি গৈছিল অনুৰাগীৰ আৰু ছবিখনে বক্স অফিচতো ভাল ধন উপাৰ্জন কৰিছিল ।
খবৰ অনুসৰি, এই ছবিখনৰ বাজেট আছিল মাত্ৰ ১২ কোটি টকা । কিন্তু ইয়াৰ ভাল কন্টেন্টৰ বাবে ছবিখনে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল । সেই বাবেই এইবাৰ ভাৰতৰ পৰা এই ছবিখনক অস্কাৰলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ছবিখনে অস্কাৰৰ শ্বৰ্টলিষ্টত স্থান লাভ কৰাত ব্যৰ্থ হয় ।