চিটাৰা ডেস্ক, 8 আগষ্ট: ‘দ্য এক্স’ৰচিষ্ট’ আৰু ‘দ্য ফ্ৰেঞ্চ কানেকচন’ৰ আমেৰিকান পৰিচালক উইলিয়াম ফ্ৰিডকিনৰ দেহাৱসান ৷ ৮৭ বছৰ বয়সত মৃত্যুক আকোৱালি ল’লে আমেৰিকান পৰিচালকগৰাকীয়ে ।
লছ এঞ্জেলছত মৃত্যু হয় উইলিয়াম ফ্ৰিডকিনৰ
দ্য হলিউড ৰিপ’ৰ্টাৰৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক ষ্টিফেন গ্যালোৱেই জনোৱা মতে, যোৱা কিছু বছৰৰ পৰা স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল উইলিয়াম ৷ কিন্তু অৱশেষত লছ এঞ্জেলছত ফ্ৰিডকিনৰ মৃত্যু হয় ৷ ফ্ৰিডকিনৰ পত্নীৰ সৈতে হোৱা কথা-বতৰাৰ পিচত গ্যালোৱেই কয় যে, সোমবাৰে পুৱা তেওঁৰ মৃত্যু হৈছে । যোৱা কিছুদিন ধৰি তেওঁ কামত ব্যস্ত হৈ আছিল যদিও লাহে লাহে স্বাস্থ্যৰ অৱনতি ঘটিছিল । অৱশেষত মৃত্যুক সাৱটি লয় পৰিচালকগৰাকীয়ে ৷
উল্লেখ্য যে, ফ্ৰিডকিন আছিল অন্যতম প্ৰভাৱশালী যুৱ ‘নিউ হলিউড’ পৰিচালক, যিয়ে আমেৰিকাৰ চলচ্চিত্ৰ উদ্যোগখনক মৌলিকভাৱে নতুন ৰূপ দিছিল ৷
'The French Connection' ছবিখনে লাভ কৰিছে পাঁচটা অস্কাৰ
অভিনেতা ফ্ৰান্সিছ ফৰ্ড কপ’লা আৰু মাৰ্টিন স্কোৰচেজৰ সৈতে ফ্ৰিডকিনে ১৯৭০ চনৰ আৰম্ভণিতে আৰক্ষী নাটক ছবি ‘দ্য ফ্ৰেঞ্চ কানেকচন’ নিৰ্মাণ কৰে । জিন হেকমেনে অভিনয় কৰা এই ছবিখনে শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ ছবিকে ধৰি পাঁচটা অস্কাৰ বঁটা লাভ কৰে ।
১৯৭৩ চনত নিৰ্মিত ‘দ্য এক্স’ৰচিষ্ট’
ইয়াৰ পিচত ১৯৭৩ চনত তেওঁৰ পৰিচালনাত মুক্তি পায় ‘দ্য এক্স’ৰচিষ্ট’ নামৰ ছবিখন । এই ছবিখন বক্স অফিচত হিট হৈছিল যদিও বিতৰ্কত আৱৰ্ততো সোমাই পৰিছিল ছবিখন ৷ অপ শক্তিৰ দ্বাৰা বশ কৰা ১২ বছৰীয়া কিশোৰীক লৈ নিৰ্মিত এই চাঞ্চল্যকৰ ছবিখনে ১০টা অস্কাৰৰ বাবে মনোনীত হৈছিল, ইয়াৰে দুটা অস্কাৰ লাভ কৰিছিল ছবিখনে ৷ পৰৱৰ্তী সময়ত এই ছবিখনৰ বহু ছিকুৱেলো নিৰ্মাণ কৰা হৈছিল ।
অৱশ্যে ইয়াৰ কিছু সময়ৰ পিচতে ফ্ৰিডকিনৰ কেৰিয়াৰৰ অৱনতি ঘটে, ১৯৭৭ চনত তেওঁৰ দ্বাৰা নিৰ্মিত ব্যয়বহুল ছবি ‘ছ’ৰ্চাৰাৰ’ বিগ ফ্লপ ৰূপে পৰিগণিত হয় ৷ ইয়াৰ পিচত তেওঁ আৰু কেতিয়াও সেই প্ৰাৰম্ভিক উচ্চতাত উপনীত নহ’ল ৷ তথাপিও ৮০ বছৰ বয়সলৈকে তেওঁ পৰিচালনাৰ জগতখনৰ লগত জড়িত হৈ থাকিল ৷
উল্লেখ্য যে, কিফাৰ চাথাৰলেণ্ডৰ অভিনীত তেওঁৰ অন্তিমখন ছবি দ্য কেইন মিউটিনি ক’ৰ্ট-মাৰ্শ্বেল এইবাৰৰ ভেনিচ চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব । ফ্ৰিডকিন ইহসংসাৰত চতুৰ্থ পত্নী শ্বেৰী লেনছিং আৰু দুজন পুত্ৰক এৰি থৈ যায় ।
লগতে পঢ়ক:Paul Reubens Died: কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে আমেৰিকান অভিনেতা পল ৰুবেন্সৰ