অসম

assam

ETV Bharat / entertainment

Oppenheimer BOC Day 2: মুক্তিৰ দ্বিতীয় দিনা নিজৰে অভিলেখ ভংগ কৰিলে অপেনহাইমাৰে - অপেনহাইমাৰ

হলিউডৰ ছবি অপেনহাইমাৰ বক্স অফিচত গঢ়িছে অভিলেখ ৷ ছবিখনক লৈ দৰ্শকৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ । ছবিখনে মুক্তিৰ দ্বিতীয় দিনটোত ভংগ কৰিছে নিজৰেই অভিলেখ ৷

Oppenheimer Box Office Collection Day 2: Christopher Nolan Film Is Unstoppable
অপেনহাইমাৰ বক্স অফিচ সংগ্ৰহ

By

Published : Jul 23, 2023, 10:29 AM IST

চিটাৰা ডেস্ক, 23 জুলাই: ক্রিষ্টোফাৰ নোলানৰ অভিনীত ছবি অপেনহাইমাৰক লৈ ভাৰতত অনুৰাগীৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে । প্ৰথম দিনাই এই ছবিখনে হলিউডৰ ছবি ‘মিছন ইম্পচিয়েল ৭’ৰ প্ৰথম দিনৰ উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে, এতিয়া দ্বিতীয় দিনাও ছবিখনে উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে ৷

দ্বিতীয় দিনাৰ উপাৰ্জন

ছবিখনে প্ৰথম দিনাই বক্স অফিচত ১৩.৫০ কোটি টকা উপাৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় দিনা ছবিখনে ১৭ কোটি টকা সংগ্ৰহ কৰিছে ৷ ছবিখনে প্ৰথম দিনাই বক্স অফিচত মিছন ইম্পচিয়েল ৭ আৰু ফাৰ্ষ্ট এক্সৰ অভিলেখ ভংগ কৰিছিল । ইয়াৰ পিচত এই ছবিখনে চলিত বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী হলিউড ছবি হিচাপে পৰিগণিত হৈছে । ছবিখনে ধাৰাবাহিকভাৱে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰি আছে, ছবিখনক লৈ দেখা পোৱা উন্মাদনাৰ পৰা অনুমান কৰিব পাৰি যে, অনাগত দিনত এই ছবিখনৰ উপাৰ্জনে সকলো অভিলেখ ভংগ কৰিব ৷ একে সময়তে এই ছবিখনত দেখা গৈছে ক্রিষ্টোফাৰ নোলেনৰ বলিষ্ঠ অভিনয় ৷

ছবিখনৰ কাহিনী কি ?

'অপেনহাইমাৰ' এখন জীৱনীমূলক নাটক । যিটো পাৰমাণৱিক বোমাৰ জনক ‘জে ৰবাৰ্ট অপেনহাইমাৰ’ৰ জীৱনৰ ওপৰত আধাৰিত । ছবিখনত অপেনহাইমাৰৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা ‘ট্ৰিনিটি’ৰ বিষয়ে কোৱা হৈছে। য’ত বিচাৰৰ আগৰ আৰু পিছৰ পৰিঘটনাৰ আকৰ্ষণীয় বৰ্ণনা দিয়া হৈছে ।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানত হিৰোচিমা আৰু নাগাছাকিত পাৰমাণৱিক বোমাৰে বোমা বিস্ফোৰণ কৰা হৈছিল । যিটো আমেৰিকাই কৰিছিল । এই আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল, লগতে এই আক্ৰমণৰ পৰা জাপানক সুস্থ হ’বলৈ বহু বছৰ সময় লাগিছিল । ইয়াৰ এটা অংশ লৈ এই ছবিখনত দেখুওৱা হৈছে যে মানুহৰ ইচ্ছাই কেনেকৈ মানুহৰ জীৱন ধ্বংস কৰিব পাৰে ।

লগতে পঢ়ক :Oppenheimer : বিশ্বৰ আটাইতকৈ ভয়াৱহ যুদ্ধৰ ওপৰত নিৰ্মিত ছবি ‘অপেনহাইমাৰ’, ইতিহাস জানি গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰ

লগতে পঢ়ক:Rekha Live In Relationship Row: ৰেখা-ফাৰ্জানাৰ সম্পৰ্কৰ সত্যতা কি ? কিয় কেৱল ফাৰ্জানাক হে ৰেখাৰ শোৱা কোঠাত সোমাবলৈ দিয়া হয় ?

ABOUT THE AUTHOR

...view details