অসম

assam

ETV Bharat / entertainment

স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰৰ ফাৰ্ষ্ট লুক মুকলি কৰিলে ৰণদীপ হুডাই

ৰণদীপ হুডাই শনিবাৰে স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰৰ জীৱনীমূলক ছবি 'স্বতন্ত্ৰ বীৰ সাভাৰকাৰ'ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰে ৷ ছবিখনত ৰণবীৰে মুখ্য নায়কৰ চৰিত্ৰত অভিনয় কৰিব ।

On Veer Savarkar
স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰৰ ফাৰ্ষ্ট লুক

By

Published : May 28, 2022, 5:25 PM IST

চিটাৰা ডেস্ক, 28 মে’:স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰৰ জন্ম জয়ন্তী উপলক্ষে অভিনেতা ৰণদীপ হুডাই তেওঁৰ নতুন ছবি 'স্বতন্ত্ৰ বীৰ সাভাৰকাৰ'ৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে ৷ লগতে এটা চমু ভিডিঅ'ও সংযোজিত কৰিছে তেওঁ । চলচ্চিত্ৰখন স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ সাভাৰকাৰৰ জীৱনীৰ ওপৰত নিৰ্মাণ কৰা হ’ব (Movie on Indian Politician) ৷ 'সৰবজিত' খ্যাত অভিনেতাজনে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰে, য'ত তেওঁক বিনায়ক দামোদৰ সাভাৰকাৰৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব (Randeep Hooda new movie)।

ছবিখনৰ প্ৰথম দৃশ্য শ্বেয়াৰ কৰি ৰণদীপে লিখিছে, "ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন দীৰ্ঘতম অখ্যাত নায়কক অভিবাদন জনোৱা হৈছে এই ছবিখনেৰে । আশা কৰিছো মই এজন প্ৰকৃত বিপ্লৱীক প্ৰকৃতাৰ্থত দৰ্শকৰ আগত উপস্থাপন কৰিব পাৰিম, যাৰ কাহিনী বহু সময় ধৰি সুপ্ত অৱস্থাত আছিল (Ranbir Hooda on biopic movies) । আপোনালোকক #VerSavarkarJayanti লৈ শুভকামনা জনাইছো ।

ছবিখনৰ নিৰ্মাণৰ কাম অতি সোনকালেই আৰম্ভ হ’ব । ছবিখন পৰিচালনা কৰিব মহেশ ভি. মঞ্জৰেকাৰে । উল্লেখ্য যে, বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম ১৮৮৩ চনৰ ২৮ মে তাৰিখে মহাৰাষ্ট্ৰৰ নাছিকত হৈছিল । তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু অধিবক্তাৰ লগতে আছিল এগৰাকী লেখকো । সাভাৰকাৰক 'হিন্দুত্ব' শব্দটোৰ স্ৰষ্টা হিচাপে জনা যায় ।

লগতে পঢ়ক:Movie on Indian Politician: বীৰ চাভাৰকাৰৰ ওপৰত নিৰ্মাণ হ’ব জীৱনীমূলক ছবি

ABOUT THE AUTHOR

...view details