অসম

assam

ETV Bharat / entertainment

বলীউডৰ ছোটে নৱাবৰ আজি ৫২ বছৰ সম্পূৰ্ণ হ’ল - বলীউডৰ ছোটে নৱাব

বলীউডলৈ ছৈফ আলী খানৰ গুৰুত্বপূৰ্ণ অৱদান আছে ৷ হিন্দী ছবিজগতক বহুকেইখন গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় ছবি আগবঢ়াইছে তেওঁ । আজি বলীউডৰ ছোটে নৱাবে ৫২ সংখ্যক জন্মদিন উদযাপন কৰিছে । জন্মদিন বিশেষ উপলক্ষে আমি অভিনেতা গৰাকীৰ চলচ্চিত্ৰ জীৱনৰ ওপৰত চকু ফুৰাওঁ আহক-

SAIF ALI KHAN
বলীউডৰ ছোটে নৱাবৰ আজি ৫২ বছৰ সম্পূৰ্ণ হ’ল

By

Published : Aug 16, 2022, 3:34 PM IST

চিটাৰা ডেস্ক, 16 আগষ্ট :বলীউডৰ ছোটে নৱাব ছৈফ আলী খানৰ আজি ৫২ বছৰ সম্পূৰ্ণ হ’ল । বিগত তিনিটা দশক ধৰি নায়ক,খলনায়ক, সহ-অভিনেতা আৰু নেতিবাচক চৰিত্ৰৰ জৰিয়তে ছবিপ্ৰেমী দৰ্শকক মোহিত কৰি অহা বহুমুখী অভিনেতাসকলৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয় ছৈফ আলী খানক । ১৯৭০ চনৰ ১৬ আগষ্টত দিল্লীত জন্মগ্ৰহণ কৰা ছৈফ আলী খানে অভিনয়ৰ প্ৰতিভা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল । তেওঁৰ মাতৃ শৰ্মিলা ঠাকুৰ চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত অভিনেত্ৰী হোৱাৰ বিপৰীতে পিতৃ নৱাব পাটাউদী এজন ক্ৰিকেটাৰ আছিল । ঘৰতে সৰুৰে পৰাই চলচ্চিত্ৰময় পৰিৱেশ লাভ কৰিছিল ছৈফে যাৰ বাবেও ছবিৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল তেওঁ আৰু অভিনেতা হোৱাৰ সপোন দেখিবলৈ আৰম্ভ কৰিছিল ।

ছৈফ আলী খান

আমেৰিকাৰ বিখ্যাত ৱেইন চেষ্টাৰ কলেজৰ পৰা ছৈফ আলী খানে শিক্ষা সমাপ্ত কৰে । ইয়াৰ পিছত ১৯৯৩ চনত মুক্তি পোৱা Parampara চিনেমা খনৰ জৰিয়তে তেওঁ অভিনেতা হিচাপে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰে । যশ চোপ্ৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখন বক্স অফিচত ব্যৰ্থ হৈছিল ।

১৯৯৩ চনত ছৈফ আলী খানৰ ‘Pehchaan’ আৰু ‘Aashik Aawara’ৰ দৰে সফল চলচ্চিত্ৰসমূহ মুক্তি লাভ কৰে । অৱশ্যে ‘Pehchaan’ ছবিখনৰ সফলতাৰ কৃতিত্ব অভিনেতা সুনীল শেট্টীক দিয়া হৈছিল । Aashik Aawara ছবিখনৰ বাবে ছৈফে ফিল্মফেয়াৰ নিউ ফেচ এৱাৰ্ড লাভ কৰিছিল ।

ছৈফ আলী খান

১৯৯৪ চনটো ছৈফ আলী খানৰ চলচ্চিত্ৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ বছৰ হিচাপে প্ৰমাণিত হৈছিল । সেই বছৰতে তেওঁৰ ‘Yeh Dillagi’, ‘Main Khiladi Tu Anari’ আদি ছবিয়ে মুক্তি লাভ কৰিছিল । দুয়োখন ছবিতে অভিনেতা অক্ষয় কুমাৰৰ সৈতে তেওঁৰ যুটি যথেষ্ট জনপ্ৰিয় হৈছিল দৰ্শকৰ মাজত । বিশেষকৈ ‘Main Khiladi Tu Anari’ত অক্ষয় কুমাৰ আৰু ছৈফ আলী খানৰ যুটিয়ে দৰ্শকক আমোদ দিছিল ।

১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে এই সময়ছোৱা ছৈফ আলী খানৰ চলচ্চিত্ৰ জীৱনৰ বাবে বৰ সুখৰ নাছিল । এই সময়ছোৱাত তেওঁৰ ‘Yaar Gaddar’, ‘Aao Pyaar Karen’, ‘Dil Tera Diwana’, ‘Bambai Ka Babu’, ‘Ek Tha Raja’, ‘Tu Chor Main Sipahi’, ‘Udaan’ আদি বহু ছবি বক্স অফিচত ব্যৰ্থ হৈছিল ।

ছৈফ আলী খান

১৯৯৯ চনত পুনৰ উত্থান ঘটে ছৈফৰ । এইবছৰটোত তেওঁৰ Kachche Dhaage, Hum Saath - Saath Hain আদি ছবিয়ে মুক্তি লাভ কৰে যিসমূহ ছবি সফল বুলি প্ৰমাণিত হৈছিল । এই ছবিবোৰত দৰ্শকে ছৈফ আলী খানৰ এক বেলেগ ধৰণৰ অভিনয়ৰ শৈলী চাবলৈ পাইছিল । গুৰুতৰ চৰিত্ৰত অভিনয় কৰা ছৈফ আলী খানে Kachche Dhaage ছবিখনত তেওঁ নিজৰ চঞ্চল শৈলীৰে দৰ্শকৰ হৃদয় জয় কৰিছিল ।

ছৈফ আলী খান

২০০১ চনত মুক্তি লাভ কৰা ‘Dil Chahta Hai’ ছবিখনক ছৈফ আলী খানৰ চলচ্চিত্ৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ ছবি হিচাপে গণ্য কৰা হয় । ফাৰহান আখতাৰৰ দ্বাৰা পৰিচালিত তিনিজন বন্ধুৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখনত তেওঁৰ সৈতে অভিনয় কৰিছিল আমীৰ খান আৰু অক্ষয় খান্নাই । ছৈফে এই ছবিখনত নিজৰ উৎকৃষ্ট অভিনয়েৰে দৰ্শকৰ লগতে সমালোচকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় ।

ছৈফ আলী খান

২০০৩ চনত নিৰ্মিত ‘Kal Ho Naa Ho’ ছবিখন ছৈফ আলী খানৰ চলচ্চিত্ৰ জীৱনৰ অন্যতম ছুপাৰ হিট ছবি হিচাপে গণ্য কৰা হয় । যশ জোহৰৰ বেনাৰত নিৰ্মিত এই ছবিখনত তেওঁক শ্বাহৰুখ খানৰ সৈতে দেখা গৈছিল । ছবিখনত তেওঁৰ প্ৰভাৱশালী অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল ৷

২০০৪ চনত ছৈফ আলী খানৰ চলচ্চিত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ছবি আছিল ‘Hum Tum’ । ছৈফে তেওঁৰ অভিনয়ৰ বাবে শ্ৰেষ্ঠ কমেডী অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ বিপৰীতে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰা হয় ।

ছৈফ আলী খান

২০০৬ চনত ছৈফ আলী খানৰ চলচ্চিত্ৰ জীৱনৰ আন এখন ছুপাৰ হিট চিনেমা ‘Omkara’ ই মুক্তি লাভ কৰে । এই ছবিখনত তেওঁৰ প্ৰভাৱশালী অভিনয়ৰ বাবে তেওঁক শ্ৰেষ্ঠ খলনায়কৰ ফিল্মফেয়াৰ বঁটা প্ৰদান কৰা হয় ৷

২০০৯ চনত ছৈফ আলী খানে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি 'Love Aaj Kal' নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰে । ছৈফ আলী খানে কেইবাখনো ৱেব ছিৰিজতো অভিনয় কৰিছে । তেওঁৰ আন আন ছবিসমূহৰ ভিতৰত আছে Race, Race 2, Jawaani Jaaneman, Rangoon, Chef আৰু Baazaar, Bunty Aur Babli 2, Bhoot Police ইত্যাদি ।

ছৈফ আলী খান

ৰোমান্টিক চৰিত্ৰ আৰু dashing ষ্টাইলেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা ছৈফে Ek Hasina Thi, Kurbaan, Phantom আদি কেইবাখনো থ্ৰিলাৰ ছবিটো অভিনয় কৰিছে । বক্স অফিচত এই ছবিবোৰ সফল হোৱা নাছিল যদিও চলচ্চিত্ৰ সমালোচকসকলে এই ছবিবোৰ বহুত ভাল পাইছিল ।

লগতে পঢ়ক :স্বাধীনতা দিৱসত প্ৰভাসে ঘোষণা কৰিলে আগন্তুক ছবি Salaar ৰ মুক্তিৰ তাৰিখ

ABOUT THE AUTHOR

...view details