অসম

assam

ETV Bharat / entertainment

Shah Rukh Khan Birthday: জন্মদিনত বেলকনিত উপস্থিত হৈ কিং খানৰ অনুৰাগীক উপহাৰ

আজি শ্বাহৰুখ খানৰ ৫৮ তম জন্মদিন । এই উপলক্ষে মন্নতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগীৰ সমাগম দেখা পোৱা গৈছে ৷ কিং খানেও অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই বেলকনিত উপস্থিত হৈ অনুৰাগীক অভিবাদন জনায় ৷

By ANI

Published : Nov 2, 2023, 10:10 AM IST

On 58th birthday, SRK makes special midnight appearance, greets sea of fans with signature pose
শ্বাহৰুখ খানৰ জন্মদিন

চিটাৰা ডেস্ক, 2 অক্টোবৰ: আজি বলীউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানৰ জন্মদিন ৷ আজি অভিনেতাগৰাকীয়ে উদযাপন কৰিছে নিজৰ ৫৮ সংখ্যক জন্মদিন । নিজৰ ৰোমান্টিক শৈলীৰে সমগ্ৰ বিশ্বতে কিং খানে কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰিছে ৷ সেয়েহে, অভিনেতাগৰাকীৰ জন্মদিন অনুৰাগীৰ বাবে কোনো উৎসৱতকৈ কম নহয় । প্ৰতিবাৰৰ দৰেই এইবাৰো বলিউডৰ বাদশ্বাহৰ হাজাৰ হাজাৰ অনুৰাগীয়ে মন্নতৰ বাহিৰত সমবেত হয় ৷ কিং খানক এবাৰ চাবলৈ আৰু জন্মদিনৰ শুভেচ্ছা জনাবলৈ মন্নতৰ বাহিৰত ভিৰ কৰেহি হাজাৰ হাজাৰ অনুৰাগীয়ে । ইফালে অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই কিং খানেও অনুৰাগীক দিয়ে চাৰপ্ৰাইজ ৷ দৰাচলতে কিং খানে মাজনিশা নিজৰ ঘৰৰ বেলকনিত উপস্থিত হৈ অনুৰাগীক চাৰপ্ৰাইজ দিয়ে আৰু লগতে তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাবলৈ দূৰ-দূৰণিৰ পৰা অহা অনুৰাগীসকলক বিশেষভাৱে ধন্যবাদ জনায় ।

মাজনিশা অনুৰাগীক দিলে চাৰপ্ৰাইজ

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত মন্নতৰ গেটৰ বাহিৰত অনুৰাগীৰ ভিৰ দেখা গৈছে । এই সময়চোৱাত একাংশ অনুৰাগীয়ে নিজৰ ফোনেৰে ছবি আৰু ভিডিঅ’ লোৱা দেখা গৈছিল, আনহাতে একাংশই হাতত কিং খানৰ পোষ্টাৰ লৈ থকা দেখা গৈছিল । এনে কিছু অনুৰাগীও আছিল যিয়ে কিং খানৰ জন্মদিন উদযাপনৰ বাবে মন্নতৰ বাহিৰত আতচবাজীও কৰিছিল । সেয়েহে, অনুৰাগীৰ মৰমৰ প্ৰতি সঁহাৰি জনাই মাজনিশা শ্বাহৰুখ খানে তেওঁৰ বেলকনিত উপস্থিত হয় । কিং খানক দেখাৰ লগে লগে আনন্দত চিঞৰিবলৈ ধৰে অনুৰাগী । এই সময়চোৱাত শ্বাহৰুখ খানক ক’লা টুপীৰ সৈতে ক’লা টি-চাৰ্ট পৰিধান কৰা দেখা গৈছিল ৷ বেলকনিত কিং খানে অনুৰাগীক অভিবাদন জনাই । লগতে তেওঁ বাহু মেলি নিজৰ চিগনেচাৰ প’জটো কৰি অনুৰাগীক আপ্লুত কৰি তোলে ।

শ্বাহৰুখে ইংগিতেৰে অনুৰাগীক ক’লে হৃদয়স্পৰ্শী কথা

শ্বাহৰুখ খানে পুৱতি নিশা মাইক্ৰ’ব্লগিং চাইট এক্সত তেওঁৰ অনুৰাগীসকলক ধন্যবাদ জনায় । অভিনেতাগৰাকীয়ে লিখিছে, “অবিশ্বাস্য যে আপোনালোকৰ মাজৰ ইমানগৰাকীয়ে নিশা মোক শুভেচ্ছা জনাবলৈ আহিছে । মই মাত্ৰ এজন অভিনেতা, মই এই কথাৰ পৰাই সুখী যে মই আপোনালোকক অলপ মনোৰঞ্জন দিব পাৰিছো । মই আপোনালোক সকলোৰে সপোনত জীয়াই আছো । আপোনালোক সকলোকে মনোৰঞ্জন দিবলৈ অনুমতি দিয়াৰ বাবে ধন্যবাদ। ৰাতিপুৱা দেখা পাম... On the screen and off it ।”

জন্মদিনত শ্বাহৰুখে নিজৰ অনুৰাগীক দিব পাৰে ডাঙৰ উপহাৰ

২০২৩ বৰ্ষটো শ্বাহৰুখ খানৰ বাবে অতি ভাল আছিল ৷ অভিনেতাগৰাকীয়ে বেক টু বেক দুখন ব্লকবাষ্টাৰ ছবি দিছে । বছৰৰ আৰম্ভণিতে ‘পাঠান’ ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল, আনহাতে শেহতীয়াকৈ ‘জৱান’ ছবিখনে আলোড়নৰ সৃষ্টি কৰিছিল আৰু বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈ ইতিহাসৰ ৰচনা কৰিছে । এতিয়া জন্মদিন উপলক্ষে শ্বাহৰুখ খানে নিজৰ আগন্তুক ছবি ‘ডাংকি’ৰ টিজাৰ মুকলি কৰি অনুৰাগীক এক উপহাৰ দিব পাৰে ৷ কোৱা হৈছে যে ‘পাঠান’ আৰু ‘জৱান’ৰ পিচত শ্বাহৰুখ খানে এতিয়া ‘ডাংকি’ৰ জৰিয়তে বক্স অফিচত ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক:Dunki Teaser : এটা নহয় দুটা টিজাৰ মুকলি হ’ব ‘ডাংকি’ৰ, চেঞ্চৰ ব’ৰ্ডে দিলে ইউ চাৰ্টিফিকেট

ABOUT THE AUTHOR

...view details