চিটাৰা ডেস্ক, 11 জুলাই: স্বাধীনতা দিৱস উপলক্ষে আগন্তুক ১১ আগষ্টত মুক্তিলাভ কৰিবলৈ গৈ আছে অক্ষয় কুমাৰৰ ছবি OMG 2 । ২০১২ চনৰ ছবি OMG 2ৰ ছিকুৱেল এই ছবিখন । বিগত ৯ বছৰ ধৰি অনুৰাগীসকলে অতি আগ্ৰহেৰে এই ছিকুৱেলৰ বাবে অপেক্ষা কৰি আছিল । এতিয়া ছবিখনৰ টিজাৰ মুক্তিৰ বিষয়টি চৰ্চালৈ আহিছে । এইবাৰো ছবিখনত অক্ষয় কুমাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । একে সময়তে পৰেশ ৰাৱালৰ সলনি পংকজ ত্ৰিপাঠীক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । উল্লেখ্য আজি পুৱা 11 বজাত অভিনেতা অক্ষয় কুমাৰে নিজৰ ইনষ্টাগ্ৰাম পেজযোগে ছবিখন টিজাৰ মুকলি কৰে ৷
১১ জুলাই মঙলবাৰে Oh My God 2ৰ টিজাৰ মুক্তি পোৱাৰ পিচৰে পৰা এতিয়া ছ’চিয়েল মিডিয়া অনুৰাগীয়ে বিভিন্ন কমেন্টেৰে উপচাই তুলিছে । টিজাৰটি মুক্তিৰ পূৰ্বে অক্ষয় কুমাৰে ছচিয়েল মিডিয়াত এটা সৰু ক্লিপ শ্বেয়াৰ কৰে । ইয়াত তেওঁক সন্ন্যাসীৰ ৰূপত দেখিবলৈ পোৱা গৈছিল । টিজাৰটিত অভিনেতাগৰাকীৰ চুলিৰ বৰণ ভগৱান শিৱৰ দৰে । কপাল আৰু মুখত ভস্ম আৰু ডিঙিত ৰুদ্ৰাক্ষ পৰিধান কৰা দেখা গৈছে । ইফালে OMGত যিদৰে পৰেশ ৰাৱলক এগৰাকী নাস্তিক ব্যক্তিৰ ৰূপত উপস্থাপন কৰা হৈছিল ৷
সমান্তৰালকৈ OMG2ত পংকজ ত্ৰিপাঠীক এগৰাকী পূজা-পাতল কৰা কান্তি চৰণ মুতগ’ল নামৰ এগৰাকী আষ্টিক ব্যক্তিৰ ৰূপত উপস্থাপন কৰা হৈছে ৷ য’ত পংকজ ত্ৰিপাঠী টিজাৰৰ আৰম্ভণিতে নিজৰ কণ্ঠস্বৰেৰে কয় যে, এই পৃথিৱীত ইশ্বৰ আছে নে নাই তাৰ প্ৰমাণ মনুষ্যই আষ্টিক বা নাস্তিক হৈ দিব পাৰে কিন্তু ইশ্বৰে সৃষ্টি কৰা এই পৃথিৱীত কোনো ভেদ-ভাৱ নকৰে ৷ আৰু যেতিয়াই মনুষ্যই বিপদত ঈশ্বৰক বিচাৰে তেতিয়াই সেই মনুষ্য়ৰ ওচৰত ঈশ্বৰক টানি আনে ৷’’ ইয়াৰ পিচতে অক্ষয় কুমাৰে ভগৱান শিৱৰ ৰূপত আগমণ ঘটা দেখা গৈছে । পটভূমিত প্ৰতিধ্বনিত হৈছে হৰ হৰ মহাদেৱৰ ধ্বনি ।
OMG 2 Teaser Release: য়ামি গৌতম এজন উকীলৰ ভূমিকাত দেখা যাব