চিটাৰা ডেস্ক, 13 এপ্ৰিল:বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজাৰ দিল্লীৰ ঘৰত ২.৪০ কোটি টকা চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । দিল্লী আৰক্ষীয়ে এই গোচৰটোত অভিনেত্ৰীগৰাকীৰ ঘৰৰ নাৰ্চক গ্ৰেপ্তাৰ কৰিছে । নাৰ্চগৰাকীৰ পৰা কোটি কোটি টকা নগদ ধন আৰু গহণা উদ্ধাৰ কৰিবলৈ সক্ষম হয় দিল্লী আৰক্ষী ৷ ফেব্ৰুৱাৰীত নাৰ্চ গৰাকীয়ে অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা চুৰি কৰিছিল (Sonam Kapoor house theft incident) ।
অভিযুক্ত নাৰ্ছ অপৰ্ণা ৰুথ উইলছনে অভিনেত্ৰী সোনম কাপুৰৰ শাহু আইতাকৰ যত্ন লৈছিল । উইলছনৰ স্বামী নৰেশ কুমাৰ সাগৰে শকুৰপুৰৰ এটা ব্যক্তিগত কোম্পানীত একাউণ্টেণ্ট হিচাপে কাম কৰে । ঘৰৰ চুৰিৰ কথা গম পাই সোনম কাপুৰৰ আইতাক সৰলা আহুজাই এই বিষয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল । ঘটনা সন্দৰ্ভত টোঘলক ৰোড আৰক্ষী থানাই এটা গোচৰ পঞ্জীয়ন কৰিছিল আৰু চোৰৰ অনুসন্ধান আৰম্ভ কৰিছিল ।
উল্লেখনীয় যে ঘৰটোৰ পৰা 2 কোটি 40 লাখ টকাতকৈও অধিক মূল্যৰ সম্পদ চুৰি হৈছিল, য'ত নগদ ধন আৰু গহনা আছিল ।