অসম

assam

ETV Bharat / entertainment

আইনী বিয়াৰ পিচত এতিয়া উদয়পুৰত অনুষ্ঠিত হ’ব আইৰা খানৰ আনুষ্ঠানিক বিবাহ - Nupur Shikhare

Ira Khan- Nupur Shikhare Wedding: আদালতৰ বিবাহৰ পিচত এতিয়া আমিৰ খানৰ কন্যা আইৰা আৰু নুপুৰৰ আনুষ্ঠানিক বিবাহ উদয়পুৰত অনুষ্ঠিত হ’ব । বিবাহৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আজি উদয়পুৰত উপস্থিত হ’ব আমিৰ ।

Nupur - Ira to tie knot in Udaipur, throw reception in Mumbai post register marriage
আইৰা খান- নুপুৰ শিখাৰে বিয়া

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:51 PM IST

চিটাৰা ডেস্ক, ৫ জানুৱাৰী: দীৰ্ঘদিনীয়া প্ৰেমিক নুপুৰ শিখাৰেৰ সৈতে শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হয় আমিৰ খানৰ কন্যা আইৰা খান ৷ অৱশ্যে কেৱল আইনী বিবাহ হে সম্পন্ন হৈছে আইৰা-নুপুৰৰ । দুয়োৰে আইনী বিবাহ আছিল অতি সাধাৰণ ৷ কিন্তু বলীউডৰ সাধাৰণ বিয়াও অতি বিশেষ হৈ পৰে ৷ বিবাহ কাগজত চহী কৰাৰ সময়ত নুপুৰে পৰিধান কৰিছিল জিম কৰা সাজপাৰ আৰু আইৰাই পৰিধান কৰিছিল হাৰেম পেণ্টৰ ওপৰত ব্লাউজ ৷ ইয়াৰ পিচতে সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল যে বলীউডত যিহেতু প্ৰায় বিয়াই অতি গ্ৰেণ্ড আৰু ধুমধামেৰে আয়োজন কৰা হয়, তেন্তে ইৰাৰ বিয়া অতি সাধাৰণকৈ কিয় হ’ল আৰু কিয় উপস্থিত নাথাকিল বলীউডৰ কোনো তাৰকা ?

আচলতে আইনী বিবাহ সম্পন্ন হৈছে যদিও এতিয়া আইৰা আৰু নুপুৰ শিখাৰে উদয়পুৰত ৮-১০ জানুৱাৰীৰ পৰা সকলো নীতি-নিয়মেৰে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ’ব । আনুষ্ঠানিক বিয়াৰ পূৰ্বে ৫ জানুৱাৰীত অৰ্থাৎ আজি আমিৰ খানে উদয়পুৰত উপস্থিত হৈ পৰিয়ালৰ সৈতে বিবাহৰ ব্যৱস্থাসমূহ পৰিদৰ্শন কৰিব ।

অহা ৭ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ চলিব আইৰা-নুপুৰৰ বিবাহ অনুষ্ঠান

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি দৰা-কইনাৰ পৰিয়াল আৰু অতিথিৰ বাবে ১৭৬ টা হোটেলৰ কোঠা বুকিং কৰা হৈছে । আমিৰ খানৰ কন্যাৰ ৰাজকীয় বিয়াত প্ৰায় ২৫০ গৰাকী লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে । ৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া উদযাপনৰ অন্ত পৰিব ১০ জানুৱাৰীত । আইৰা খান আৰু নুপুৰ শিখাৰেৰ সকলো বিবাহ অনুষ্ঠান তাজ আৰাৱলী ৰিজৰ্টত অনুষ্ঠিত হ’ব । অভিনেতাগৰাকীয়ে নিজৰ বাবে ৰাষ্ট্ৰপতিৰ গ্লাছ বক্স ছুইট বুকিং কৰিছে । কোঠাটোৰ পৰা প্ৰকৃতিৰ এক অতি সুন্দৰ দৃশ্য দেখা যায় ।

আইৰা-নুপুৰৰ মুম্বাইৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্বাহৰুখ খান, ছলমান খানে

উদয়পুৰত আনুষ্ঠানিক বিবাহ সম্পন্ন হোৱাৰ পাচত আমিৰ খানে ১৩ জানুৱাৰীত কন্যাৰ অভ্যৰ্থনা পাৰ্টিৰ আয়োজন কৰিব । বি কে চি জিঅ’ চেণ্টাৰত এক বৃহৎ অভ্যৰ্থনাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে । য’ত বলীউড আৰু ৰাজনৈতিক জগতৰ বহু প্ৰবীণ লোকক আমন্ত্ৰণ জনোৱা হৈছে । বাতৰি অনুসৰি আইৰা খান আৰু নুপুৰৰ অভ্যৰ্থনা অনুষ্ঠানত ছলমান খান, শ্বাহৰুখ খান, অজয় ​​দেৱগন, অমিতাভ বচ্চন, কৰণ জোহৰ, অক্ষয় কুমাৰ, কৰীণা কাপুৰ খান, ৰাজকুমাৰ হিৰানী, আশুতোষ গোৱাৰিকাৰ, জুহি চাওলা, ৰাকেশ, ওমপ্ৰকাশ মেহৰাকে আদি কৰি বহু তাৰকা উপস্থিত থকাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ভগ্নী আইৰা খানৰ বিয়াত অংশগ্ৰহণ প্ৰেমিকাসহ ইমৰাণ খানৰ

ABOUT THE AUTHOR

...view details