চিটাৰা ডেস্ক, 12 আগষ্ট : হৃদ ৰোগত আক্ৰান্ত হৈ প্ৰসিদ্ধ গায়ক শিৱমোগ্গা চুব্বান্নাই মৃত্যুক আঁকোৱালি লয় ৷ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে নিশা এখন চিকিৎসালয়ত হৃদ ৰোগত আক্ৰান্ত হৈ বিশিষ্ট কানাড়া কণ্ঠশিল্পী শিৱমোগা চুব্বান্নাই শেষ নিশ্বাস ত্যাগ কৰে । জয়দেৱ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক । এটি পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায় শিল্পী গৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ ৷
"কাদু কুদুৰে"(Kaadu Kudure) ছবিখনত "কাদু কুদুৰে ওদি বন্দিতা"(Kaadu Kudure Odi Banditta) গীতটোৰ বাবে প্লেবেক গায়ক হিচাপেৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন কান্নাদিগা আছিল চুব্বানা । কানাড়া ভাষাৰ কবিতাক সংগীতৰ প্ৰতি আকৰ্ষিত কৰা ধাৰা ‘সুগামা সংগীত’ৰ (Sugama Sangeetha) ক্ষেত্ৰত কৰা কামৰ বাবে সুপৰিচিত সুব্বান্নাই কুভেম্পু (Kuvempu) আৰু দা ৰা বেন্দ্ৰেৰ (Da Ra Bendre) দৰে বিখ্যাত কবিৰ কবিতাত আবৃতি কৰিছিল ৷ তেওঁ বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিছে ।