অসম

assam

ETV Bharat / entertainment

Emergency Release Postponed: পিছুৱাই দিয়া হ’ল কংগনাৰ অভিনীত ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখ

পিছুৱাই দিয়া হ’ল ‘ইমাৰ্জেন্সী’ ছবিখনৰ মুক্তিৰ তাৰিখ ৷ বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে সোমবাৰে তেওঁৰ আগন্তুক ছবি ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখ সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰি কৈছে যে তেওঁৰ ছবি ইমাৰ্জেন্সীৰ মুক্তিৰ পিছুৱাই দিয়া হৈছে ৷

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:23 PM IST

'Not just a film, it's test of my worth', says Kangana Ranaut as she pushes Emergency release to 2024
‘ইমাৰ্জেন্সী’ ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হ’ল

চিটাৰা ডেস্ক, 16 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ আগন্তুক ৰাজনীতি ভিত্তিক ছবি ‘ইমাৰ্জেন্সী’ এ সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এই ছবিখন কংগনাৰ বাবে অতিকৈয়ে বিশেষ ৷ কাৰণ এই ছবিখনত অভিনয় কৰাৰ সমান্তৰালকৈ কংগনাই এই ছবিখনৰ পৰিচালনাও কৰিছে । এই ছবিখনৰ পৰা কংগনাৰ প্ৰথম লুক অতি আকৰ্ষণীয় আছিল । ছবিখনৰ বাকী চৰিত্ৰসমূহৰ প্ৰথম লুকো ইতিমধ্যে মুকলি কৰা হৈছে । ইয়াৰ পিচতে অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল ছবিখনৰ বাবে ৷ কিন্তু এতিয়া কংগনাৰ অনুৰাগীৰ এই অপেক্ষা আৰু দীৰ্ঘদিনীয়া হ’ব ৷ কাৰণ ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে ৷ এই খবৰ নিজৰ অনুৰাগীৰ সৈতে খোদ কংগনাই নিজৰ পোষ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে ।

আজি কংগনা ৰানাৱটে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউন্টত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে । ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখ সলনি কৰাৰ আঁৰৰ কাৰণো সকলোৰে সৈতে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । কংগনাই নিজৰ পোষ্টত লিখিছে, ‘‘এটা গুৰুত্বপূৰ্ণ ঘোষণা আছে, ইমাৰ্জেন্সী ছবিখন অভিনেতা হিচাপে মোৰ সমগ্ৰ জীৱনৰ প্ৰচেষ্টা আৰু উপাৰ্জনৰ শিখৰ । ইমাৰ্জেন্সী মোৰ বাবে কেৱল এখন ছবি নহয়, ই ব্যক্তি হিচাপে মোৰ মূল্য আৰু চৰিত্ৰৰ পৰীক্ষা । টিজাৰ আৰু অন্যান্য কথাৰ প্ৰতি সঁহাৰিয়ে সমগ্ৰ দলটোৰ সাহস বৃদ্ধি কৰিছে । মই য’তেই যাওঁ মানুহে মোক ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখৰ বিষয়ে সোধে ।’’

কংগনাই লগতে লিখিছে, ‘‘আমি ইমাৰ্জেন্সীৰ মুক্তিৰ তাৰিখ পূৰ্বে ২০২৩ চনৰ ২৪ নৱেম্বৰ বুলি ঘোষণা কৰিছিলোঁ । কিন্তু মোৰ বেক টু বেক মুক্তি পোৱা ছবিৰ কেলেণ্ডাৰত হোৱা সকলো পৰিৱৰ্তন আৰু ২০২৪ চনৰ শেষৰ ত্ৰৈমাসিকটো অভাৰ পেক হোৱাৰ বাবে অহা বছৰ (২০২৪) লৈ ইমাৰ্জেন্সী মুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । নতুন মুক্তিৰ তাৰিখ অতি সোনকালে ঘোষণা কৰা হ'ব, অলপ ধৈৰ্য্য ধৰক, ছবিখনৰ প্ৰতি আপোনাৰ আশা, কৌতুহল আৰু উত্তেজনাৰ অৰ্থ বহুত ৷ আপোনালোকৰ একান্ত ৷ কংগনা ৰানাৱট ৷ ’’

উল্লেখ্য যে, শেহতীয়াকৈ কংগনাক দেখা গৈছিল তামিল ছবি চন্দ্ৰমুখী-২ ত । ইয়াৰ উপৰিও তেওঁৰ আগন্তুক ‘তেজস’ ছবিখনো চলিত মাহৰ শেষৰ ফালে মুক্তিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে । আনহাতে অনুৰাগীয়ে ইমাৰ্জেন্সীৰ নতুন মুক্তিৰ তাৰিখৰ বাবে অলপ অপেক্ষা কৰিব লাগিব ।

লগতে পঢ়ক:Tiger 3 Trailer: দেশ নে পৰিয়াল ? কাৰ পক্ষত থিয় দিব টাইগাৰ? মুক্তি পালে ছলমান খানৰ টাইগাৰ 3ৰ জোৰদাৰ ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details