চিটাৰা ডেস্ক, 23 ডিচেম্বৰ :আজিৰে পৰাদিল্লীত আৰম্ভ হৈছে চাৰিদিনীয়া উত্তৰ-পূব মহোৎসৱৰ দশম সংস্কৰণ । ক’ভিড-19 ৰ ফলত সৃষ্টি হোৱা মন্দাৱস্থাৰ বাবে প্ৰায় দুবছৰৰ ব্যৱধানৰ অন্তত দেশৰ ৰাজধানীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই মহোৎসৱ । কাৰ্নিভাল উদ্বোধন কৰিব কেন্দ্ৰীয় ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী নাৰায়ণ ৰাণেই ।
নৰ্থ-ইষ্ট মহোৎসৱৰ প্ৰথম সাতটা সংস্কৰণ ক্ৰমে 2013 চনৰ পৰা 2019 চনলৈ নতুন দিল্লীৰ জনপথ আইজিএনচিএত অনুষ্ঠিত হৈছিল (North East festival ) । ৰাষ্ট্ৰীয় ৰাজধানীত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই যোৱা দুটা সংস্কৰণ গুৱাহাটীৰ হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছিল । 2013 চনৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটনৰ প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে । 2022 চনৰ সংস্কৰণত নৃত্য নাটক, সংগীত পৰিবেশন, ফেশ্বন শ্ব’, মুকলি মাইক অধিবেশন, ইন্টাৰেক্টিভ অধিবেশন, শিল্প, ফটোগ্ৰাফী প্ৰদৰ্শনী আৰু বহুতো কাৰ্যসূচী অনুষ্ঠিত হ’ব । ইয়াৰ লগতে সমগ্ৰ ভাৰতৰ শীৰ্ষত থকা ৰক বেণ্ডৰ সৈতে মহোৎসৱত নৰ্থ ইষ্ট ৰক বেটলৰ আয়োজনো কৰা হৈছে ।
ক্ৰছ-কলচাৰেল সজাগতা আৰু বিনিময়ক উৎসাহিত কৰিবলৈ 50 টাতকৈও অধিক খাদ্যৰ ষ্টলত কেৱল উত্তৰ-পূব ভাৰতৰেই নহয়, দিল্লী-এনচিআৰৰ বিভিন্ন খাদ্যৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰা হৈছে । ‘মেড ইন নৰ্থ ইষ্ট’ সামগ্ৰী প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীত এম এছ এম ই জ’ন থাকিব, য’ত উত্তৰ-পূব ভাৰতৰ 100 ৰো অধিক এম এছ এম ই উদ্যোগীয়ে কৃষি উদ্যান শস্যৰ সামগ্ৰী, হস্ততাঁত, হস্তশিল্প, প্ৰচেছড খাদ্য সামগ্ৰী আৰু বহুতো অন্য বস্তু প্ৰদৰ্শন কৰিব ।
মহোৎসৱৰ আয়োজকসকলে জানিবলৈ দিয়ে, ‘এই প্ৰদৰ্শনীৰ বাবে কেইবা ডজন ষ্টল লগোৱা হৈছে যাতে দৰ্শকে অঞ্চলটোৰ পৰা প্ৰামাণিক সামগ্ৰী অন্বেষণ আৰু ক্ৰয় কৰিব পৰাকৈ এখন বজাৰ সৃষ্টি হয় । ইয়াৰ উপৰিও অঞ্চলটোৰ জনপ্ৰিয় আৰু অফ বিট স্থানসমূহৰ প্ৰচাৰৰ বাবে পৰ্যটন ষ্টল স্থাপন কৰা হৈছে । এখন বি টু বি পৰ্যটন বৈঠকৰ আয়োজন কৰা হ’ব য’ত উত্তৰ-পূৰ্বাঞ্চলৰ অংশীদাৰসকলে প্ৰধান ট্যুৰ অপাৰেটৰৰ সৈতে মত বিনিময় কৰিব পাৰিব । ভাৰত চৰকাৰৰ পৰ্যটন সঞ্চালক প্ৰধান জি কে বৰ্ধন ৰাৱে এই অনুষ্ঠানত উপস্থিত থাকি শোভা বঢ়াব । কৃষি সম্পৰ্কীয় বি টু বি মিটৰো আয়োজন কৰিব এপেডাই, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি উদ্যোগীসকলে দিল্লী-এনচিআৰৰ প্ৰধান ক্ৰেতাৰ সৈতে মত বিনিময় কৰিবলৈ সুযোগ পাব ।
সত্ৰীয়া নৃত্য, নগা লোকনৃত্য, মণিপুৰী যুদ্ধ কলা, বাঁহ নৃত্য, চিকিমৰ তামাং চেলো নৃত্য, অৰুণাচল প্ৰদেশৰ ৰিখাম্পাদা নৃত্যকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ লোকনৃত্য প্ৰদৰ্শিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰিব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মিজোৰামৰ ৰাজ্যপাল ড° হৰি বানু কাম্ভমপতিয়ে । কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ, গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী পীয়ুষ গোৱাল আৰু উত্তৰ-পূব পৰিষদৰ সম্পাদক কে. মোজেছ চালাইয়ো উপস্থিত থাকিব এই উৎসৱত ।