অসম

assam

By

Published : Sep 3, 2022, 2:24 PM IST

ETV Bharat / entertainment

5 ঘণ্টাৰ জেৰাত 50ৰো অধিক প্ৰশ্নত ব্যতিব্যস্ত হৈ পৰিল নোৰা ফাতেহী

ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ ধন দাবীৰ গোচৰত দীৰ্ঘদিন ধৰি দিল্লী আৰক্ষীৰ ইকনমিক অফেন্সছ ৱিং (Economic offences wing)য়ে সোধা-পোছা কৰি আহিছে অভিনেত্ৰী নোৰা ফাতেহীক । এতিয়া 12 ছেপ্টেম্বৰত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজকো এই গোচৰত সোধা-পোছা কৰা হ’ব ।

Nora Fatehi
প্ৰশ্নত ব্যতিব্যস্ত হৈ পৰিল নোৰা ফাতেহী

চিটাৰা ডেস্ক, 3 ছেপ্টেম্বৰ :শনিবাৰে (3 ছেপ্টেম্বৰ) দিল্লী আৰক্ষীৰ Economic offences wing য়ে বলিউডৰ অভিনেত্ৰী নোৰা ফাতেহীক ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ ধন দাবী গোচৰৰ সন্দৰ্ভত সোধা-পোছা কৰে । নোৰাৰ এই জেৰা প্ৰায় চাৰি-পাঁচ ঘণ্টা ধৰি চলে (Nora Fatehi latest updates) । ইতিমধ্যে এই গোচৰত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক অভিযুক্ত হিচাপে ঘোষণা কৰিছে বলবৎকাৰী সঞ্চালকালয়ে । এতিয়া Economic offences wing য়ে 12 ছেপ্টেম্বৰত এই সন্দৰ্ভত জেকলিনক জেৰা কৰিব ।

শেহতীয়া খবৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে লাভ কৰা বহুমূলীয়া উপহাৰৰ পৰা আৰম্ভ কৰি দুয়োৰে মাজত হোৱা কথোপকথন আৰু ক’ত লগ পাইছিল তেওঁলোকে ইত্যাদি প্ৰশ্নৰ সন্মুখীন হয় নোৰা ৷ 200 কোটি টকাৰ ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত এই ধনদাবী আৰু ধন সৰবৰাহৰ গোচৰত Economic offences wing য়ে অভিনেত্ৰী নোৰা ফাতেহীক 50 টাতকৈও অধিক প্ৰশ্ন কৰে (Sukesh Chandrashekhar Case and nora fatehi) । সোধা-পোছাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে সুকেশৰ সৈতে হোৱা কথা-বতৰাৰ কথা স্বীকাৰ কৰে আৰু লগতে কয় যে তেওঁৰ জেকলিনৰ সৈতে কোনো যোগাযোগ নাই ।

নোৰাই জেৰাৰ সময়ত প্ৰকাশ কৰে যে সুকেশৰ পত্নীয়ে তেওঁক নেইল আৰ্ট ফাংচনলৈ আমন্ত্ৰণ জনাইছিল, য’ত দুয়োৰে দেখা দেখি হৈছিল । এই অনুষ্ঠানত সুকেশৰ পত্নীয়ে নোৰাক এখন অমূল্য গাড়ী BMW উপহাৰ হিচাপে দিয়ে । সোধা-পোছাৰ সময়ত নোৰাই সুকেশৰ অপৰাধজনিত অভিলেখৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাই বুলিও কয় ।

ৰবীন্দ্ৰ সিং যাদৱ, আইপিএছ, অপৰাধ শাখাৰ বিশেষ চিপি য়ে কয় যে, ‘সুকেশ চন্দ্ৰশেখৰৰ বাবে বহুত লোকে কাম কৰা দেখা গৈছে, তেওঁ প্ৰথমে অভিনেত্ৰীসকলৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু তাৰ পিছত তেওঁলোকৰ লগত মিলিত হয়, তাৰ পিছত তেওঁ অভিনেত্ৰীসকলক বহুমূলীয়া উপহাৰ দি তেওঁলোকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ৷ এনে লাগে কিছুমান মানুহে এই কথা উপলব্ধি কৰিছিল কিন্তু লোভৰ বাবে তেওঁলোকে এই কাম অব্যাহত ৰাখিছিল' ।

12 ছেপ্টেম্বৰত জেকলিনকো সোধা-পোছা কৰা হ’ব

ইডিৰ টাৰ্গেটত সুকেশ চন্দ্ৰশেখৰ গোচৰত 12 ছেপ্টেম্বৰত পুনৰ জেৰা কৰা হ’ব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক । এইবাৰ দিল্লী আৰক্ষীৰ ইকনমিক অফেন্সেছ ৱিং (EOW) য়ে অভিনেত্ৰীগৰাকীক জেৰা কৰিব । তাৎপৰ্যপূৰ্ণভাৱে সুকেশ চন্দ্ৰশেখৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক অভিযুক্ত হিচাপে নিজৰ অভিযোগনামাত ঘোষণা কৰিছে ।

ইয়াৰ উপৰিও দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে অভিনেত্ৰী জেকলিনক চমন জাৰি কৰি অহা 26 ছেপ্টেম্বৰত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে । শেহতীয়াকৈ আদালতে গোচৰটোত দাখিল কৰা চাৰ্জ শ্বীটৰ তদাৰক কৰিছিল ।

লগতে পঢ়ক :শাৰী,পেণ্টচুট,বডিকন ড্ৰেছ,বিকিনি সকলো সাজতে নোৰাই আহত কৰে যুৱকৰ হৃদয়

ABOUT THE AUTHOR

...view details