অসম

assam

ETV Bharat / entertainment

Nitin Gadkari biopic: এইবাৰ প্ৰধানমন্ত্ৰী নহয়, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সংগ্ৰামৰ কাহিনী দেখুওৱা হ’ব পৰ্দাত - নীতিন গাডকাৰী

দেশৰ ৰাজনীতিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বিশেষ অৱদান আছে । তেওঁৰ ৰাজনৈতিক জীৱনে যিমানেই প্ৰেৰণা দিয়ে, ব্যক্তিগত জীৱনো সমানেই প্ৰেৰণাদায়ক । এতিয়া গাডকাৰীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন ছবি, যাৰ শিৰোনাম হৈছে ‘গাডকাৰী’। ইয়াৰ মুক্তিৰ তাৰিখো প্ৰকাশ কৰা হৈছে ।

Nitin Gadkari biopic announced release on 27 oct 2023, see poster
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বায়’পিক

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 5:12 PM IST

চিটাৰা ডেস্ক, 6 অক্টোবৰ:কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী দেশৰ ৰাজনীতিত এটা ডাঙৰ নাম । ভাৰতৰ ভিতৰতে সৰ্বাধিক সময় পথ পৰিবহণ আৰু ঘাইপথৰ বাবে কাম কৰা নীতিন গাডকাৰীক ‘ভাৰতৰ হাইৱে মেন’ বুলিও জনা যায় । দেশৰ উন্নয়নৰ বাবে সদায় তৎপৰ হৈ থকা নীতিন গাডকাৰীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবি ৷ ছবিখনৰ নাম ‘গাডকাৰী’ ৷ অতি সোনকালেই ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব ৷ আজি ছবিখনৰ এখন পোষ্টাৰৰ সৈতে এই কথা ঘোষণা কৰে নিৰ্মাতাই ৷ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে ।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মুক্তি পাইছে ‘গাডকাৰী’ ছবিখনৰ পোষ্টাৰ । অভিজিৎ মজুমদাৰ আৰু অক্ষয় দেশমুখ ফিল্মছৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন হৈছে অক্ষয় অনন্ত দেশমুখৰ । এই ছবিখনৰ কাহিনী আৰু পৰিচালনা অনুৰাগ ৰাজন ভূছাৰীয়ে কৰিছে । ‘গাডকাৰী’ ছবিখনত নীতিন গাডকাৰীৰ চৰিত্ৰত কোনে অভিনয় কৰিব ? এই ছবিখনৰ ঘোষণাৰ লগে লগে এতিয়া এই কথা জানিবলৈ উৎসুক হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী । 'গাডকাৰী' ছবিখনৰ ট্ৰেইলাৰ আৰু টিজাৰৰ বাবে ৰাইজে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

'গাডকাৰী' ছবিখন কেতিয়া মুক্তি পাব ?

ছবিখনৰ সন্দৰ্ভত পৰিচালক অনুৰাগ ভূছাৰীয়ে কয়, ‘‘নীতিন গাডকাৰীৰ ৰাজনীতিত কেৰিয়াৰ যথেষ্ট ভাল । পণ্ডিত, ফলপ্ৰসূ বক্তা, কঠোৰ, ডাঙৰ চিন্তাধাৰাৰ নেতা, পথ সংস্কাৰৰ প্ৰচাৰক । তেওঁৰ ব্যক্তিত্বৰ প্ৰতিটো দিশ মানুহে জানে । সমাজ কল্যাণৰ প্ৰতি আকৰ্ষিত এই নেতাৰ ৰাজনৈতিক যাত্ৰা বহুতে জানে, কিন্তু তেওঁৰ ব্যক্তিগত জীৱন আৰু কম বয়স সমানেই আকৰ্ষণীয় । এনে এজন নেতাৰ জীৱনক এই ছবিখনৰ জৰিয়তে দৰ্শকৰ সন্মুখত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে । এই ছবিখন ২৭ অক্টোবৰত মুক্তি পাব ।’’

ইয়াৰ পূৰ্বে কোন কোন নেতাৰ ওপৰত বায়’পিক তৈয়াৰ হৈছে ?

যোৱা কেইবছৰমানৰ পৰা বহু নেতাৰ বায়’পিক দৰ্শকৰ সন্মুখত আহিছে । "ঠাকৰে’, ‘দ্য় এক্সিডেণ্টেল প্ৰাইমিনিষ্টাৰ’, ‘থালাইভি পি এম’, ‘নৰেন্দ্ৰ মোদী’ আদি বায়’পিক দৰ্শকে উপভোগ কৰিছে । এতিয়া ৰাইজে আগ্ৰহেৰে অপেক্ষা কৰি আছে গাডকাৰীৰ বায়’পিকখনলৈ ।

লগতে পঢ়ক:Rakhi Sawant Biopic: নিজৰ বায়’পিক নিৰ্মাণ কৰিবলৈ এই গৰাকী পৰিচালকক অনুৰোধ জনালে ৰাখী সাৱন্তে

ABOUT THE AUTHOR

...view details