অসম

assam

ETV Bharat / entertainment

Nitin Desai Death: অডিঅ’ ক্লিপটোত নীতিন দেশাইয়ে উল্লেখ কৰা চাৰিজন লোক কোন ? - কলা পৰিচালক নীতিন দেশাই

জোধা আকবৰ আৰু দেৱদাসৰ দৰে ছবিত প্ৰডাকচন ডিজাইনাৰ আৰু আৰ্ট ডাইৰেক্টৰ হিচাপে কাম কৰা নীতিন দেশাইৰ দেহাৱসান ৷ নিজৰ ষ্টুডিঅ’টো চিপ লৈ থকা অৱস্থাত উদ্ধাৰ নীতিন দেশাই মৃতদেহ ৷

Nitin Desai Suicide and Audio Clip: Who are those 4 entrepreneurs? Inside Story
নীতিন দেশাইৰ দেহাৱসান

By

Published : Aug 2, 2023, 6:25 PM IST

Updated : Aug 2, 2023, 7:25 PM IST

চিটাৰা ডেস্ক, 2 আগষ্ট:বলীউডৰ কলা পৰিচালক নীতিন দেশাইৰ আত্মহত্যাৰ গোচৰৰ তদন্তত নিয়োজিত ৰায়গড় আৰক্ষীয়ে নীতিন দেশাইৰ মোবাইল ফোনৰ পৰা এটা অডিঅ’ ক্লিপ লাভ কৰিছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে, অডিঅ’ ক্লিপটোত ৪ জন লোকৰ নাম আছে । আত্মহত্যাৰ পূৰ্বে নীতিন দেশাইয়ে অডিঅ’ ৰেকৰ্ডিং কৰিছিল আৰু সেই অডিঅ’ ক্লিপটোত চাৰিজন লোকৰ নাম উল্লেখ কৰিছিল নীতিন দেশাইয়ে ।

উল্লেখ্য যে আজি (2 আগষ্ট) নিজৰ ষ্টুডিঅ’ (এন ডি ষ্টুডিঅ')ত ফেনত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় নীতিন দেশাইৰ মৃতদেহ । সূত্ৰই জনোৱা মতে, নীতিন দেশাই নিশা প্ৰায় ১০ বজাত নিজৰ কোঠালৈ গৈছিল আৰু পুৱা দেৰিলৈকে কোঠাৰ পৰা ওলাই নহাত চিন্তিত হৈ পৰিছিল ষ্টুডিঅ’ত থকা লোকসকল ৷ বহু সময়লৈকে দুৱাৰখন নোখোলা দেখি ষ্টুডিঅ’ত উপস্থিত লোকসকলে খিৰিকীৰে চিপ লৈ ওলমি থকা দেখিছিল নীতিনক ৷

ৰায়গড়ৰ আৰক্ষী অধীক্ষক সোমনাথ ঘৰঘে কয় যে ৰায়গড়ৰ খালাপুৰ থানাত আকস্মিক মৃত্যুৰ প্ৰতিবেদন (এডিআৰ) পঞ্জীয়ন কৰা হৈছে। ইয়াৰ উপৰিও ফৰেনছিক দল আৰু ডগ স্কোয়াডো ঘটনাস্থলীত উপস্থিত আছে । আৰক্ষীয়ে কয় যে তেওঁলোকে বিষয়টো প্ৰতিটো কোণৰ পৰা তদন্ত কৰি আছে ।

সোনকালে সোধা-পোছা কৰিব সেই চাৰিজনক

আৰক্ষী সূত্ৰই জনোৱা মতে, আত্মহত্যাৰ পূৰ্বে অডিঅ’ ক্লিপত নীতিন দেশাই নাম উল্লেখ কৰা চাৰিজন লোকক শীঘ্ৰে সোধা-পোছা কৰা হ’ব । কাগজী প্ৰক্তিয়া সম্পূৰ্ণ হোৱাৰ পিচত আৰক্ষীয়ে সকলো টেলিগ্ৰামৰ লোকলৈ চমন প্ৰেৰণ কৰিব । ইয়াৰ উপৰিও আৰক্ষীয়ে ম’বাইল ফোনটো ফৰেনছিক টিমলৈ প্ৰেৰণ কৰিছে । ফোনটোৰ পৰা কোনো তথ্য নোহোৱা হৈছে নে নাই সেই সন্দৰ্ভত আৰক্ষীয়ে নিশ্চিত কৰিছে ।

আৰ্থিক সংকটত ভুগি আছিল কলা পৰিচালকগৰাকী

জানিব পৰা মতে আৰ্থিক সংকটৰ সৈতে যুঁজি আছিল নীতিন দেশাই । তেওঁ বেংকৰ পৰা ১৮০ কোটি টকাৰ ঋণ লৈছিল, যিটো সুতৰ লগে লগে প্ৰায় ২৫০ কোটি টকা হৈ পৰিছিল । নীতিন দেশাই যি কোম্পানীৰ পৰা ঋণ লৈছিল, সেই কোম্পানীটোৱেও আদায়ৰ বাবে আইনী পদক্ষেপ লৈছিল । সূত্ৰৰ পৰা জানিব পৰা মতে, কোম্পানীটোৱে সংগ্ৰাহকগৰাকীলৈও এখন পত্ৰ লিখি নীতিন দেশাইৰ ষ্টুডিঅ’টো জব্দ কৰিব বুলিও কৈছিল ৷

লগতে পঢ়ক:Nitin Desai death: নীতিন দেশাইৰ মৃত্য়ুত স্তম্ভিত সমগ্ৰ বলীউউ, শোক প্ৰকাশ বলীউডৰ বহু তাৰকাৰ

Last Updated : Aug 2, 2023, 7:25 PM IST

ABOUT THE AUTHOR

...view details