চিটাৰা ডেস্ক, 6 আগষ্ট :আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল অসম সন্তান নীলোৎপল বৰাৰ দ্বাৰা ৰচিত গান Shaabaash ৷ সংগীত ক্ষেত্ৰখনত উৎকৃষ্ট কামেৰে থিতাপি লোৱা নীলোৎপল বৰা বৰ্তমানে সকলোৰে মাজত এজন সুপৰিচিত গায়ক, সংগীত প্ৰযোজক, গীতিকাৰ, সুৰকাৰ ৷ মাজুলী বুলি ক’লেই ঠাইডোখৰতকৈয়ো প্ৰথমে অসমৰ প্ৰতিজনলোকৰে মনলৈ আহে নীলোৎপলৰ কণ্ঠেৰে নিগৰা সেই মাজুলী শীৰ্ষক গীতটি, ‘ৰিণিকি ৰিণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে ঐ....’ ৷
আজি সেই নীলোৎপল বৰাৰেই এটি গান বাজি উঠিল বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেল্থ গেমছ-2022 ত ৷ কমনৱেল্থ গেমছত ভাৰতীয় এথলিট সকলক উৎসাহ যোগোৱাৰ নিমিত্তে বাজি উঠিল Shaabaash শীৰ্ষক গানটো ৷ ভাৰতীয় এথলিটসকলৰ বাবে তেওঁৰ এই গানটো এনথেম হিচাপে বিবেচিত হৈছে ৷ ই নিশ্চয়কৈ আমাৰ বাবে গৌৰৱৰ বিষয় ৷
নীলোৎপল বৰাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ফেচবুক আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই খবৰটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে ৷ খবৰটো বিয়পি পৰাৰ লগে লগেই অজস্ৰ শুভকামনাৰে ভৰি পৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ৷