চিটাৰা ডেস্ক, 15 অক্টোবৰ: প্ৰিয়ংকা চোপ্ৰাই প্ৰতিদিনে নিজৰ কন্যা মালতী মেৰীৰ সৈতে নিজৰ সুন্দৰ ছবি শ্বেয়াৰ কৰা পৰিলক্ষিত হয় । একে সময়তে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলেও প্ৰিয়ংকাৰ কন্যাক যথেষ্ট মৰম দিয়ে ৷ শেহতীয়াকৈ প্ৰিয়ংকাৰ কন্যাৰ কিছুমান ভিডিঅ’ পোহৰলৈ আহিছে যিবোৰ পছন্দ কৰিছে অনুৰাগীয়ে । দৰাচলতে এই ভিডিঅ’সমূহ প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা কণ্ঠশিল্পী নিক জ’নাছৰ সংগীতানুষ্ঠানৰ, য’ত মাল্টিয়ে দৰ্শকক হাত জোকাৰি হেল্ল’ কোৱা দেখা গৈছে ।
নিক জ’নাছৰ কনচাৰ্টৰ পৰা ওলোৱা এটা ভিডিঅ’ত মালতীক দেখা গৈছে মাকৰ কোলাত । বগা ৰঙৰ ফ্ৰক পৰিধান কৰা মালতীক অতি মৰমলগা দেখা গৈছে ৷ আনহাতে মাকৰ কোলাৰ পৰাই উপস্থিত দৰ্শকক হেল্ল’ বুলি ক’লে মালতীয়ে ৷ এই সময়ছোৱাত মালতীক হাঁহি থকা দেখা যায়, যিটো দেখি প্ৰিয়ংকাও বৰ সুখী হৈ পৰে ।
পাপা নিকৰ বাবে চিয়াৰলিডাৰ হৈ পৰিল মালতী
আন এটা ভিডিঅ’ত দেখা গৈছে যে স্বামীৰ সংগীতানুষ্ঠানত কেৱল প্ৰিয়ংকা চোপ্ৰাই উল্লাস কৰা নাই, তেওঁৰ কন্যা মালতীও পিতৃৰ আটাইতকৈ ডাঙৰ চিয়াৰ লিডাৰ হৈ পৰিছিল । এটা ভাইৰেল ভিডিঅ’ত মালতীয়ে পিতৃৰ বাবে হাত চাপৰি বজাই মঞ্চত তেওঁক অনুসৰণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে । যেতিয়া নিক জ’নাছ তাইৰ ওচৰলৈ আহে, তেতিয়া তাই নিকৰ পিছে পিছে মঞ্চত উঠি যায় । ইয়াৰ পিচত নিকে তাইৰ কপালত চুমা দিয়ে আৰু তাৰ পাচত প্ৰিয়ংকাই পুনৰ মালতীক কোলাত লৈ লয় ।