চিটাৰা ডেস্ক, ১২ ডিচেম্বৰ: শেহতীয়াকৈ মণিপুৰী যুৱতী লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ৰণদ্বীপ হুড্ডা ৷ এতিয়া বিবাহৰ পাচত এই নৱবিবাহিত দম্পতীয়ে সোমবাৰে মুম্বাইত তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনাৰ আয়োজন কৰে, যাৰ ফটো আৰু ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । ৰণদ্বীপ আৰু লিনৰ অভ্যৰ্থনাৰ ভিডিঅ’ পোহৰলৈ আহিছে । অভ্যৰ্থনা অনুষ্ঠানত ৰণদ্বীপে ক’লা টাক্সেডো পৰিধান কৰিছিল, আনহাতে লিনে ৰঙা শাৰী পৰিধান কৰিছিল । য’ত দুয়োকে বৰ ধুনীয়া দেখা গৈছিল ৷
উল্লেখ্য যে, ২৯ নৱেম্বৰ বুধবাৰে বলীউডৰ তাৰকা ৰণদ্বীপ হুড্ডাই প্ৰেমিকা লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । দুয়োৰে বিবাহ মণিপুৰত মণিপুৰী ৰীতি-নীতিৰে হৈছিল । ইফালে বিয়াৰ কেইদিনমান আগতে ৰণদ্বীপ আৰু লিনে ইম্ফলত বিয়াৰ কথা ঘোষণা কৰিছিল ৷ তেওঁলোকে ইনষ্টাগ্ৰামত নিজৰ এখন ছবি শ্বেয়াৰ কৰিছিল আৰু লগতে এটা বিশেষ বাৰ্তাৰ সৈতে লিখিছিল, ‘‘ডেট উইথ ডেষ্টিনি ২৯.১১.২০২৩ । মহাভাৰতৰ পৰা শিক্ষা লৈ, অৰ্জুনে মণিপুৰী যোদ্ধা ৰাজকুমাৰী চিত্ৰাংগদাক বিয়া কৰাইছিল, আমি আমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ আশীৰ্বাদত বিবাহপাশত আৱদ্ধ হ’ম । আমাৰ বিয়াখন অহা ২৯ নৱেম্বৰত মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হ’ব বুলি জনাবলৈ পাই আমি অতি সুখী হৈছো । ইয়াৰ পিচত মুম্বাইত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব ।’’
মণিপুৰী ৰীতি-নীতিৰে ৰণদ্বীপ আৰু লিনৰ বিয়া হৈছিল