অসম

assam

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 10:04 AM IST

ETV Bharat / entertainment

পিতৃৰ বিয়াত অংশগ্ৰহণ পুত্ৰৰ, অৰবাজৰ কইনা কোন ? সকলো জানক এই প্ৰতিবেদনত

Arbaaz -Sshura Wedding: দ্বিতীয় বাৰৰ বাবে প্ৰেয়সী শূৰা খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অৰবাজ খান । বিবাহৰ পিচত ন কইনাৰ সৈতে প্ৰথমখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে অভিনেতাজনে ।

Newlyweds Arbaaz Khan and Sshura Khan cannot take their eyes off each other in first video post wedding
বিবাহপাশত আৱদ্ধ হ’ল অৰবাজ খান

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: দেওবাৰে চেলিব্ৰিটি মেকআপ আৰ্টিষ্ট শূৰা খানৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় ছলমান খানৰ ভাতৃ তথা অভিনেতা অৰবাজ খান । অভিনেতাগৰাকীয়ে ৫৬ বছৰ বয়সত তেওঁৰ পৰা ১৫ বছৰ সৰু শূৰা খানৰ সৈতে পুনৰ যুগ্ম জীৱনৰ পাতনি মেলে । উল্লেখনীয়, অৰবাজৰ ভগ্নী অৰ্পিতাৰ ঘৰত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান । বিয়াৰ পিচত এতিয়া পোহৰলৈ আহিছে অৰবাজ আৰু শূৰাৰ বিবাহৰ প্ৰথম ছবি ।

শূৰাৰ সৈতে বিবাহৰ প্ৰথমখন ছবি শ্বেয়াৰ অৰবাজৰ

খোদ অৰবাজে বিবাহৰ পিচত তেওঁৰ আৰু শূৰা খানৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । ছবিসমূহত অভিনেতাগৰাকীয়ে পত্নী শূৰাৰ সৈতে ৰোমান্টিক ষ্টাইলত ছবি ক্লিক কৰা দেখা গৈছে । অৰবাজ আৰু শূৰাই বিবাহত পৰিধান কৰিছিল মেচিং আউটফিট ।

ছবিসমূহত অৰবাজ খানক তেওঁৰ কইনা শূৰা খানৰ ফালে চাই থকা দেখা গৈছে । দুয়োৰে বিবাহৰ সাজ-পাৰৰ কথা ক’বলৈ গ’লে অৰবাজে তেওঁৰ বিশেষ দিনটোত ফুলৰ প্ৰিন্টৰ পেণ্ট ছুট পৰিধান কৰিছিল, আনহাতে কইনা শূৰাই মেচিং ফ্ল’ৰেল লেহেংগা পৰিধান কৰিছিল, য’ত দুয়োকে ধুনীয়া দেখা গৈছিল । ছবিসমূহ শ্বেয়াৰ কৰি অৰবাজে লিখিছে, "পৰিয়ালবৰ্গৰ উপস্থিতিত মই আৰু মোৰ আজিৰ পৰাই আজীৱন প্ৰেম একেলগে থকাৰ আৰম্ভণি হ’ল ! আমাৰ বিশেষ দিনটোত প্ৰয়োজন আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছাৰ ! "

পুত্ৰ অৰহানে অংশগ্ৰহণ কৰে পিতৃৰ বিয়াত

অৰবাজ খান আৰু তেওঁৰ প্ৰাক্তন পত্নী মালাইকা অৰোৰাৰ পুত্ৰ অৰহানেও পিতৃৰ দ্বিতীয় বিবাহত অংশ লৈছিল । এই সময়চোৱাত অৰহানে পিতৃ অৰবাজ আৰু নতুন মাতৃ শূৰা খানৰ সৈতেও ছবি তুলিছিল, যিবোৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

অৰবাজ খান-শূৰা খানৰ বিয়াত উপস্থিত থাকে ছলমান খান

অৰবাজ খানৰ দ্বিতীয় বিবাহ তেওঁৰ ভনীয়েক অৰ্পিতাৰ ঘৰত সম্পন্ন হয় । এই বিয়াত অৰবাজৰ ভাতৃ ছলমান খান, সোহেইল খানকে ধৰি অৰবাজ আৰু শূৰাৰ সমগ্ৰ পৰিয়াল আৰু ৰবীনা টেণ্ডন, ৰিতেশ দেশমুখ-জেনেলিয়া ডিছৌজা, ইউলিয়া ভান্টুৰ, বাবা ছিদ্দিকী, ফাৰাহ খানৰ দৰে বহু চেলিব্ৰিটি উপস্থিত থাকে ।

অৰবাজ খানৰ প্ৰথম বিবাহ হৈছিল মালাইকা অৰোৰাৰ সৈতে

এয়া অৰবাজৰ দ্বিতীয় বিবাহ ৷ অৰবাজ খানৰ প্ৰথম বিবাহ হৈছিল মলাইকা অৰোৰাৰ সৈতে । বিবাহৰ ১৯ বছৰ পিচত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হয় । তেওঁলোকৰ এজন পুত্ৰ অৰহান বৰ্তমান পঢ়া-শুনা কৰি আছে । অৰবাজ খানে এতিয়া দ্বিতীয়বাৰৰ বাবে শূৰা খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে । ইফালে বলীউডৰ অভিনেতা অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কত আছে মালাইকা অৰোৰা ।

লগতে পঢ়ক:মণিপুৰত বিয়াৰ পিচত মুম্বাইত অভ্যৰ্থনাৰ আয়োজন কৰিলে ৰণদ্বীপ-লিনে, চাওক ভিডিঅ

ABOUT THE AUTHOR

...view details