অসম

assam

ETV Bharat / entertainment

Oppenheimer Controversy: ক্রিষ্টোফাৰ নোলানৰ অপেনহাইমাৰত অন্তৰংগ দৃশ্যৰ সময়ত ভাগৱতৰ উল্লেখ; বিতর্কৰ সৃষ্টি ভাৰতত - অপেনহাইমাৰ

এফালে অপেনহাইমাৰ ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে আৰু আনফালে ছবিখনৰ এটা দৃশ্যক লৈ ভাৰতত সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷

Netizens question IB minister Anurag Thakur on controversial Bhagavad Gita intimate scene in Oppenheimer, call for ban
অপেনহাইমাৰক লৈ বিতৰ্ক

By

Published : Jul 23, 2023, 6:32 PM IST

চিটাৰা ডেস্ক, 23 জুলাই:ব্ৰিটিছ-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা ক্রিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ ছবিখনৰ উৎসুকতা ভাৰততো দেখিবলৈ পোৱা গৈছে ৷ ভাৰতত এই ছবিখনে মাত্ৰ দুদিনতে প্ৰায় ৩৫ কোটি টকা উপাৰ্জন কৰিছে ৷ বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰাৰ বিপৰীতে শেহতীয়াকৈ ছবিখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৷

অপেনহাইমাৰক লৈ বিতৰ্ক

দৰাচলতে ছবিখনত অভিনেতা চিলিয়ান মাৰ্ফি আৰু ফ্লৰেন্স পুগৰ মাজত এক অন্তৰংগ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰা হৈছে । এই দৃশ্যৰ সময়ত দুয়োগৰাকী অভিনেতাই ভাগৱতক লৈ কথা পতা দেখা যায়। অপেনহাইমাৰে ভাগৱতৰ কিছু শ্লোক আবৃত্তি কৰাও দেখা যায় । অপেনহাইমাৰৰ প্ৰেয়সীয়ে তেওঁক কিতাপখনৰ বিষয়ে প্ৰশ্ন কৰে, তাৰ পিচত তেওঁ এইখন সংস্কৃত ভাষাৰ কিতাপ বুলি প্ৰেয়সীক কয় । অৱশ্যে এই দৃশ্যৰ সময়ত অপেনহাইমাৰে ভাগৱতৰ নাম লোৱা নাছিল ।

এই দৃশ্যৰে চিবিএফচিয়ে কেনেকৈ অনুমোদন দিলে: উদয় মাহুৰকাৰ

ভাৰত চৰকাৰৰ তথ্য আয়ুক্ত উদয় মাহুৰকাৰে ‘সংস্কৃতি ৰক্ষা ভাৰত ফাউণ্ডেশ্যন’ৰ এক প্ৰেছ বিজ্ঞপ্তি শ্বেয়াৰ কৰে । তেওঁ কয় যে, “এই দৃশ্যটোৰ সৈতে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে (চিবিএফচি) এখন ছবি কেনেকৈ সন্মতি দিব পাৰে।”

ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ নেটিজেনৰ

আনহাতে, চিলিয়ান মাৰ্ফি আৰু ফ্ল’ৰেন্স পুগৰ ব্যক্তিগত দৃশ্যক লৈ ভাৰতৰ একাংশ লোক ক্ষুব্ধ হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে । একাংশৰ মতে এয়া হিন্দু ধৰ্মৰ অপমান । যাৰ বাবে বহুতে ছবিখন বৰ্জনৰ দাবী জনাইছে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে- ‘মই অপেনহাইমাৰ ছবিখন বৰ্জন কৰিছো । মই মাত্ৰ গম পালোঁ যে ইয়াত ভাগৱতৰ সৈতে জড়িত এটা আপত্তিজনক দৃশ্য আছে । ইয়াক পুনৰাবৃত্তি নকৰো । হিন্দু ধৰ্মক ইতিবাচকভাৱে বৰ্ণনা কৰিবলৈ হলিউড আৰু পশ্চিমক কেতিয়াও বিশ্বাস নকৰিব ।’ ছবিখন বৰ্জনৰ দাবীত ব্যৱহাৰকাৰীসকলেও একেধৰণৰ বহু মন্তব্য কৰিছে।

লগতে পঢ়ক:Oppenheimer BOC Day 2: মুক্তিৰ দ্বিতীয় দিনা নিজৰে অভিলেখ ভংগ কৰিলে অপেনহাইমাৰে

ABOUT THE AUTHOR

...view details