চিটাৰা ডেস্ক, 10 অক্টোবৰ :দেওবাৰে চলচ্চিত্ৰ নিৰ্মাতা ৱিগনেশ্ব শিৱানে জনায় যে তেওঁ আৰু তেওঁৰ পত্নী নয়নতাৰাই যমজ সন্তানৰ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰিছে । জুন মাহত "গডফাদাৰ" অভিনেত্ৰী গৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা শিৱানে টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে এই খবৰটো অনুৰাগী সৈতে শ্বেয়াৰ কৰে । তামিল চিনেমা "থানা সেৰন্ধা কুট্টাম", "নানুম ৰৌদিধন" আৰু "কাথুৱাকুলা ৰেণ্ডু কাধল"ৰ বাবে পৰিচিত পৰিচালকগৰাকীয়ে কয় যে তেওঁলোকে নৱজাতকৰ নাম উয়িৰ আৰু উলাগাম ৰাখিছে ।
তেওঁ লিখে, "নয়ন আৰু মই আম্মা আৰু আপ্পা হৈছো । আমি যমজ সন্তানৰ অভিভাৱক হোৱাৰ আশীৰ্বাদ লাভ কৰিছো (Nayanthara Vignesh Shivan twin) । আমাৰ সকলো প্ৰাৰ্থনা, আমাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদ আমাৰ বাবে দুটিকৈ শিশুৰ ৰূপত আমাৰ মাজলৈ আহিছে । আমাৰ উইৰ আৰু উলাগামৰ বাবে আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন" ।