অসম

assam

ETV Bharat / entertainment

Nayanthara hits back on Malavika: মেকআপ প্ৰসংগত মালবিকা মোহননক উভতি ধৰিছে নয়নতাৰাই

শেহতীয়াকৈ অভিনেত্ৰী মালবিকা মোহননে মেকআপ সন্দৰ্ভত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী নয়নতাৰাই । কি ক’লে অভিনেত্ৰী গৰাকীয়ে জানো আহকচোন-

Nayanthara Malavika Mohanan fight
মালবিকা মোহননক উভতি ধৰিছে নয়নতাৰাই

By

Published : Dec 22, 2022, 6:37 PM IST

চিটাৰা ডেস্ক, 22 ডিচেম্বৰ : অভিনেত্ৰী নয়নতাৰা আৰু মালবিকা মোহনন দুয়ো দক্ষিণৰ শীৰ্ষ আৰু হিট অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম । বৰ্তমান এই দুয়ো অভিনেত্ৰী এটা মন্তব্যৰ বাবে বাতৰিৰ শিৰোনামত আছে । শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত নয়নতাৰাই মালবিকা মোহননক তেওঁৰ এটা সাক্ষাৎকাৰৰ বাবে সমালোচনাত্মকভাৱে প্ৰত্যুত্তৰ দিছে (Nayanthara Malavika Mohanan fight)।

অভিনেত্ৰী মালবিকা মোহননে এটা সাক্ষাৎকাৰত কৈছিল এগৰাকী জনাজাত অভিনেত্ৰীয়ে এখন ছবিত হাস্পতালৰ মৃত্যু হোৱা দৃশ্যাংশত সম্পূৰ্ণ মেকআপত আছিল ৷ ই কেনেকৈ সম্ভৱ হ’ব পাৰে ! চিনেমা হ’লেও কিছু কিছু ক্ষেত্ৰত সঁচা কথা দেখুওৱা উচিত ৷ এই মন্তব্য দিয়াৰ সময়ত মালবিকাই কোনো তাৰকাৰ নাম লোৱা নাছিল ৷

সেই ভিডিঅ’টো সন্দৰ্ভত এতিয়া নয়নতাৰাই কৈছে যে ছ’চিয়েল মিডিয়াত তেওঁ নাথাকিলেও ছ’চিয়েল মিডিয়াত তেওঁক লৈ কি কি চলি থাকে এই বিষয়ে জ্ঞাত হৈ থাকে ৷ অৱশ্যে প্ৰত্যুত্তৰ দিয়াৰ সময়ত নয়নতাৰাইয়ো মালবিকাৰ নাম নোলোৱাকৈয়ে কয় যে ‘এটা সাক্ষাৎকাৰ দেখিলোঁ, তেওঁ মোৰ নাম লোৱা নাছিল কিন্তু মোকেই আঙুলিয়াই কৈছিল । তেওঁ কয় যে হাস্পতালৰ দৃশ্য এটাত মই চুলিখিনি অক্ষত অৱস্থাত ৰাখি সম্পূৰ্ণ মেকআপ কৰি আছিলো ।

মালবিকালৈ টোঁৱাই নয়নতাৰাই আৰু কয় যে, ‘যেতিয়া আপুনি বাস্তৱিক ছবি এখন কৰি থাকে তেতিয়া ই ব্যৱসায়িক ছবিৰ পৰা পৃথক আৰু দুয়োৰে মাজত ডাঙৰ পাৰ্থক্য থাকে । যেতিয়া আপুনি বাস্তৱিক ছবি এখন কৰি আছে তেতিয়া আপুনি এটা এটা অংশ প্ৰকৃতভাৱে উপস্থাপন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ।

কিন্তু, এই উদাহৰণটো আছিল এখন বাণিজ্যিক ছবিৰ...আৰু বাণিজ্যিক ছবিৰ ক্ষেত্ৰত ই বেলেগ ৷ মই কৰা লুকটোৰ সন্দৰ্ভত মোৰ পৰিচালকে মোক তেনেকৈে থাকিবলৈ কৈছিল’ ৷ অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰয়োজনৰ সময়ত আপুনি প্ৰয়োজন অনুসৰি বাস্তৱবাদী হৈ পৰে ।

লগতে পঢ়ক :পূজা হেগড়েৰ শেহতীয়া ফটোৱে মুগ্ধ কৰিছে সকলোকে

ABOUT THE AUTHOR

...view details