অসম

assam

ETV Bharat / entertainment

Nawazuddin Siddiqui: আলিয়াই উত্থাপন কৰা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ নৱাজুদ্দিন ছিদ্দিকীৰ - প্ৰাক্তন পত্নী আলিয়া ছিদ্দিকী

প্ৰাক্তন পত্নী আলিয়া ছিদ্দিকীয়ে উত্থাপন কৰা অভিযোগৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৱাজুদ্দিন ছিদ্দিকীয়ে । এই সন্দৰ্ভত নৱাজুদ্দিন ছিদ্দিকীয়ে কি ক’লে ? সবিশেষ জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন (Nawazuddin Siddiqui) ৷

Nawazuddin Siddiqui finally responds to allegations made by wife Aaliya
প্ৰতিক্ৰিয়া প্ৰকাশ নৱাজুদ্দিন ছিদ্দিকীৰ

By

Published : Mar 7, 2023, 10:53 AM IST

চিটাৰা ডেস্ক, 7 মাৰ্চ: শেহতীয়াকৈ বলীউড অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে প্ৰাক্তন পত্নী আলিয়াই কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ৷ আলিয়াই নৱাজৰ বিৰুদ্ধে প্ৰথমে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি ভাৰ্ছোভা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল আৰু এই কথা আলিয়াই নিজৰ ইনষ্টাগ্ৰামত এটা শ্বেয়াৰ কৰিছিল ৷ ইয়াৰ পিচত শেহতীয়াকৈ আলিয়াই নৱাজৰ বিৰুদ্ধে তেওঁক আৰু সন্তানক মাজ নিশা ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল নৱাজৰ বিৰুদ্ধে (Nawazuddin Siddiqui and Aaliya) ৷

কিন্তু দুয়োৰে মাজত চলি থকা এই কন্দলৰ বিষয়ে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছিল নৱাজুদ্দিন ছিদ্দিকীয়ে ৷ এই বিষয়ে অভিনেতাগৰাকীয়ে প্ৰথমে একো মন্তব্য প্ৰকাশ কৰা নাছিল যদিও শেহতীয়াকৈ এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰে ৷ প্ৰাক্তন পত্নী আলিয়া ছিদ্দিকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগৰ বিষয়ে ইনষ্টাগ্ৰামত স্পষ্টীকৰণ দিয়ে নৱাজুদ্দিন ছিদ্দিকীয়ে ।

নৱাজুদ্দিনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা দীঘলীয়া পোষ্ট লিখি কয়,"মই কাৰো বিষয়ে কোনো অভিযোগ উত্থাপন কৰা নাই কিন্তু কেৱল নিজৰ আৱেগ প্ৰকাশ কৰিবলৈ লৈছো । যিহেতু মই মৌনতা অৱলম্বন কৰাৰ বাবেই সকলোৱে মোক বেয়া মানুহ বুলি অভিহিত কৰি লৈছে । কিন্তু মই মৌন হৈ থকাৰ কাৰণটো হ’ল মোৰ পৰিয়ালৰ বিষয়টো সংবাদ মাধ্যমত চৰ্চা হোৱাটো মই নিবিচাৰিছিল । একপক্ষীয়ভাৱে পোষ্ট কৰা ভিডিঅ’বোৰৰ ভিত্তিত মোৰ চৰিত্ৰত কালিমা সানি একাংশ মানুহে উপভোগ কৰি আছে ।"

নৱাজে লগতে কয়, "বিবাহ বিচ্ছেদ হোৱাৰ পিচত মই আৰু আলিয়াই দীৰ্ঘদিন ধৰি একেলগে নাথাকো ৷ যোৱা ৪৫ দিন ধৰি মোৰ সন্তানক পণবন্দী কৰি ৰখাৰ লগতে ডুবাইৰ স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে (War between Nawazuddin Siddiqui and wife Aaliya)।"

নৱাজে লগতে দাবী কৰে যে আলিয়াই তেওঁৰ সন্তানক যোৱা চাৰি মাহ ডুবাইত এৰি থৈ আহিছিল ৷ যেতিয়া আলিয়াই মোৰ সন্তানক লৈ ডুবাইলৈ গুচি গৈছিল তেতিয়া স্কুলৰ মাচুল বাদ দি মাহিলী ৫-৭ লাখ টকা দিছিলো , চিকিৎসাৰ খৰচ, ভ্ৰমণৰ খৰচ আৰু অন্যান্য পাঠ্যক্ৰমৰ বাহিৰৰ কামৰ বাবে । যিহেতু আলিয়া তেওঁৰ সন্তানৰ মাতৃ, সেয়েহে নৱাজুদ্দিনে তেওঁৰ তিনিখন ছবিৰ বাবেও বিত্তীয় সাহায্য আগবঢ়াইছিল ৷ যাৰ বাবে তেওঁৰ কোটি কোটি টকা খৰচ হৈছে । এতিয়া দুয়োপক্ষৰে অভিযোগ প্ৰতিঅভিযোগ কিমান সঁচা মিছা সেয়া তেওঁলোকে হে ক’ব পাৰিব ৷

লগতে পঢ়ক:Nawazuddin's wife and kids kicked out: পত্নী-সন্তানক ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ নৱাজুদ্দিন ছিদ্দিকী বিৰুদ্ধে

ABOUT THE AUTHOR

...view details