চিটাৰা ডেস্ক, 27 মাৰ্চ:বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকী আৰু প্ৰাক্তন পত্নী আলিয়া ছিদ্দিকীৰ কাজিয়া যেন শাম কটাৰ নামে লোৱা নাই (Bollywood actor Nawazuddin Siddiqui) ৷ প্ৰথমে প্ৰাক্তন পত্নী আলিয়াই নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি থানাত গোচৰ ৰুজু কৰিছিল ৷ এইবাৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে আলিয়াৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ (Aaliya alias Zainab Siddiqui) ৷ নৱাজুদ্দিন ছিদ্দিকীয়ে তেওঁৰ বিৰুদ্ধে মানহানিকাৰক আৰু ভুৱা বক্তব্য দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰাক্তন পত্নী আলিয়া ওৰফে জৈনাব ছিদ্দিকীৰ আৰু ভাতৃ ছামাছুদ্দিন ছিদ্দিকীৰ পৰা ১০০ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি বম্বে উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ ৰুজু কৰিছে ।
উল্লেখ্য যে, ৩০ মাৰ্চত ন্যায়াধীশ ৰিয়াজ চাগলাৰ একক বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । প্ৰাক্তন পত্নীৰ সৈতে বৈবাহিক বিবাদত জড়িত অভিনেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনায় যে আলিয়া আৰু তেওঁৰ ভাতৃয়ে তেওঁক বদনাম কৰিব পৰা যিকোনো বক্তব্য বা মন্তব্য প্ৰদানত বাধা দিব লাগে । লগতে প্ৰাক্তন পত্নী আৰু ভাতৃৰ পৰাও লিখিত ক্ষমা বিচাৰিছিল নৱাজে (Nawazuddin Siddiqui Vs Ex Wife Aaliya)।
নৱাজুদ্দিনে ৰুজু কৰা গোচৰ অনুসৰি, নৱাজুদ্দিনে ২০০৮ চনত ভাতৃ ছামাছুদ্দিনক তেওঁৰ মেনেজাৰ হিচাপে নিযুক্তি দিছিল আৰু অন্ধভাৱে সকলো আৰ্থিক কাম-কাজৰ দায়িত্ব ছামাছুদ্দিনক অৰ্পণ কৰিছিল। কিন্তু ছামাছুদ্দিনে নৱাজুদ্দিনক প্ৰতাৰণা কৰিবলৈ আৰম্ভ কৰে আৰু অভিনেতাজনৰ ধন ব্যৱহাৰ কৰি সম্পত্তি ক্ৰয় কৰে । গোচৰটোত লগতে কোৱা হৈছে যে যেতিয়া অভিনেতাজনে এই জালিয়াতিৰ বিষয়ে জানিব পাৰি প্ৰশ্ন উত্থাপন কৰে, তেতিয়া ছামাছুদ্দিনে আলিয়াক নৱাজুদ্দিনৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিবলৈ উচটনি দিয়ে (Nawazuddin files defamation case Against Aaliya ) ।