অসম

assam

ETV Bharat / entertainment

Navya Naveli Nanda Birthday: অভিষেক বচ্চনৰ মিউজিক পাৰ্টনাৰ নব্যা নবেলী নন্দা

Navya Naveli Nanda Birthday: নব্যা নবেলী নন্দাই 6 ডিচেম্বৰত উদযাপন কৰিছে 25 বছৰীয়া জন্মদিন । এই বিশেষ দিনটোত সকলোৰে পৰা মৰম ও আশীৰ্বাদ লাভ কৰিছে অমিতাভ বচ্চনৰ নাতিনীয়ে ।

By

Published : Dec 6, 2022, 5:06 PM IST

Navya Naveli Nanda
অভিষেক বচ্চনৰ মিউজিক পাৰ্টনাৰ নব্যা নবেলী নন্দা

চিটাৰা ডেস্ক, 6 ডিচেম্বৰ :শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতিনীয়ে নব্যা নবেলী নন্দাই 6 ডিচেম্বৰত 25 সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ এই বিশেষ দিনটোত পৰিয়ালৰ সকলো সদস্যৰ পৰা যথেষ্ট মৰম লাভ কৰিছে নব্যাই । মাতৃ শ্বেতা বচ্চন আৰু মোমায়েক অভিষেক বচ্চনে ছ’চিয়েল মিডিয়াত নব্যাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

নব্যাক জন্মদিনৰ শুভেচ্ছা জনাই মাতৃ শ্বেতা বচ্চন নন্দাই ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, Happy birthday to my darling girl, তেনেই সাধাৰণ, আপোনাৰ অবিহনে মোৰ একো অৰ্থ নাই, তুমি মোৰ গাইড, jedi আৰু এলাৰ্ম ক্লক, Lots of love ৷ কন্যাৰ নামত শ্বেয়াৰ কৰা এই অভিনন্দন পোষ্টটোত বহু চেলেব্ৰিটীয়ে নব্যাক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

নেহা ধুপিয়াই লিখিছে, জন্মদিনৰ শুভেচ্ছা থাকিল নব্যা ৷ শ্বানায়া কাপুৰৰ মাতৃ মহীপ কাপুৰে এই পোষ্টটোত ৰঙা হৃদয়ৰ ইম’জী শ্বেয়াৰ কৰিছে । অভিষেক বচ্চনে এই পোষ্টটোত ৰঙা হৃদয়ৰ ইম’জী শ্বেয়াৰ কৰিছে আৰু নব্যাই মাতৃৰ এই অভিনন্দন পোষ্টটোত love you লিখি ৰঙা হৃদয়ৰ ইম’জীৰ সৈতে ৰিপ্লাই দিছে ।

অভিষেক বচ্চনে ভাগিন নব্যাক জন্মদিনৰ শুভেচ্ছা জনাই লিখিছে, লাভ ইউ 'মোৰ মিউজিক পাৰ্টনাৰ' (Abhishek Bachchan instagram)। অভিষেকৰ এই পোষ্টটোত নব্যাৰ মাতৃ শ্বেতা বচ্চনে লিখিছে, বৰ মৰমলগা, পৃথিৱীৰ শ্ৰেষ্ঠ মাতৃৰ ককায়েক । মোমায়েক অভিষেকৰ অভিনন্দন পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নব্যাই লাভ ইউৰ সৈতে ৰঙা হৃদয়ৰ ইম’জী শ্বেয়াৰ কৰিছে ।

1997 চনত মুম্বাইত জন্মগ্ৰহণ কৰিছিল নব্যা নন্দাই । মাকৰ নাম শ্বেতা বচ্চন নন্দা আৰু পিতৃৰ নাম নিখিল নন্দা । শীঘ্ৰেই বলীউডত খোজ দিবলৈ ওলোৱা অভিনেতা অগস্ত্য নন্দাৰ জ্যেষ্ঠ ভগ্নী নব্যা । নব্যাই ভ্ৰমণ কৰি বহুত ভাল পায় । প’ডকাষ্ট শ্ব’ ৱাট দ্য হেল নব্যাৰ বাবে বিখ্যাত নব্যা ।

লগতে পঢ়ক : Zubeen Garg cultural night: নলবাৰীত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান

ABOUT THE AUTHOR

...view details