অসম

assam

ETV Bharat / entertainment

Allu Arjun: যি কাম কোনেও কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে আল্লু অৰ্জুনে - আল্লু অৰ্জুনক পুষ্পা

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে এনে এক কৃতিত্ব লাভ কৰিছে যিটো আজিলৈকে কোনেও লাভ কৰিব নোৱাৰিলে দক্ষিণৰ ছবিজগতত । আল্লু অৰ্জুন তেলুগু চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন অভিনেতা হিচাপে পৰিগণিত হৈছে ।

National Award winning Allu Arjun created history became the first tollywood actor to do so
আল্লু অৰ্জুন তেলুগু চিনেমাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমজন অভিনেতা

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 11:37 AM IST

চিটাৰা ডেস্ক, ২৫ আগষ্ট:দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বাবে পুষ্পা ছবিখন কোনো বৰদানতকৈ কম নহয় ৷ প্ৰথমতে এই ছবিখনে বক্স অফিচত সৃষ্টি কৰিছিল আলোড়নৰ ৷ এতিয়া এই ছবিখনে যি ইতিহাস ৰচনা কৰিছে সেয়া যোৱা ৭ দশকলৈকে তেলুগু ছবিজগতত কোনেও কৰিব পৰা নাছিল ৷ বহু তেলুগু ছবিয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে । কিন্তু এতিয়ালৈকে এজনো তেলেগু অভিনেতাই এই বঁটা লাভ কৰিব পৰা নাই । বৃহস্পতিবাৰে ঘোষণা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু আল্লু অৰ্জুনক পুষ্পা ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় । এই খবৰৰ পিচতে অভিনেতাগৰাকীৰ বাসগৃহত বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশে ৷

ছ’চিয়েল মিডিয়াত ইতিমধ্যে এই উদযাপনৰ বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে আল্লু অৰ্জুনক অভিনন্দন জনাবলৈ তেওঁৰ বাসগৃহত বহু লোক উপস্থিত হৈছে । এই বিশেষ মুহূৰ্তত ৰাইজে তেওঁক সাৱটি ধৰি অভিনন্দন জনোৱা পৰিলক্ষিত হয় । কেৱল ইমানেই নহয়, আল্লু অৰ্জুনৰ ঘৰৰ বাহিৰত বহু অনুৰাগীৰ সমাগম ঘটিছে । তেওঁৰ ঘনিষ্ঠ বন্ধুসকলে তেওঁক অভিনন্দন জনাবলৈ উপস্থিত হৈছে তেওঁৰ বাসগৃহত ৷

একে সময়তে দেখা পোৱা গ’ল আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দক । এই বিশেষ ক্ষণত আল্লু অৰবিন্দে পুত্ৰক সাৱটি ধৰি অভিনন্দন জ্ঞাপন কৰে । দুয়োৰে যেন সুখৰ সীমা নাইকিয়া হৈ যায় ৷ ইয়াৰ উপৰিও ছবিখনৰ পৰিচালক সুকুমাৰকো দেখা পোৱা আল্লু অৰ্জুনৰ বাসগৃহত ৷ সুকুমাৰেও আল্লু অৰ্জুনক সাৱটি ধৰি অভিনন্দন জ্ঞাপন কৰে । ইয়াৰ উপৰিও আন বহু লোকে আল্লু অৰ্জুনক অভিনন্দন জনায় । ভিডিঅ’সমূহত আল্লুৰ মুখত সুখ স্পষ্টকৈ দেখা পোৱা গৈছে, কাৰণ এয়া টলীউডৰ ইতিহাসত প্ৰথমবাৰ হৈছে ৷

বক্স অফিচতো ছবিখনে দেখুৱাইছিল ভাল ফলাফল

ছবিখনৰ কথা ক’বলৈ গ’লে পুষ্পা দা ৰাইজে সমগ্ৰ বিশ্বতে ৪০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰিছে । ছবিখন হিন্দী ভাষাতো সকলোৱে পছন্দ কৰিছিল ৷ ছবিখনৰ সফলতা দেখি ইয়াৰ দ্বিতীয় খণ্ডৰ বাবেও নিৰ্মাতাসকলে কঠোৰ পৰিশ্ৰম কৰা পৰিলক্ষিত । খবৰ অনুসৰি আল্লু অৰ্জুনে ছবিখনৰ প্ৰথম খণ্ডৰ বাবে ৪৫ কোটি টকা লয় আৰু এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে প্ৰায় ৮৫ কোটি টকা লৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:69th National Film Awards 2023 : ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; 'অনুৰ'-এ আঁজুৰিলে ৰাষ্ট্ৰীয় সন্মান

ABOUT THE AUTHOR

...view details