চিটাৰা ডেস্ক, 20 জুলাই: উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ গাতে লাগি থকা বাৰাবাংকি জিলাত ১৯৫০ চনৰ ২০ জুলাইত জন্মগ্ৰহণ কৰা নাছিৰুদ্দিন শ্বাহ বৰ্তমান কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় । অৱশ্যে এই পৰিচয় পাবলৈ তেওঁ যথেষ্ট সংগ্ৰাম কৰিছিল ৷ জন্মদিনৰ বিশেষ ক্ষণত আমি আপোনাক তেওঁৰ জীৱনৰ কেইটামান অজ্ঞাত পৃষ্ঠাৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছো ।
পৰিয়ালৰ বাবেই পাকিস্তানলৈ যোৱা নাছিল নাছিৰুদ্দিন
আপুনি জানি আচৰিত হ’ব যে নিজৰ মন্তব্যৰে প্ৰায় ছ’চিয়েল মিডিয়াত খলকনি তোলা নাছিৰুদ্দিনে পৰিয়ালৰ বাবেই ভাৰতত থাকিবলগীয়া হৈছিল । তেওঁৰ পিতৃ মহম্মদ শ্বাহ আছিল তহচিলদাৰ। দেশ বিভাজন হোৱাৰ সময়ত গোটেই পৰিয়ালটোৱে পাকিস্তানলৈ যাবলৈ সন্মত হৈছিল যদিও মহম্মদ শ্বাহে ভাৰত এৰি যাবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল । নাছিৰুদ্দিনে প্ৰথমে আজমেৰৰ ছেইণ্ট এন্সেলম স্কুলত অধ্যয়ন কৰিছিল, তাৰ পিচত তেওঁক নাইনিতালৰ ছেইণ্ট জোচেফ কলেজলৈ পঠিওৱা হৈছিল । একে সময়তে তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও কৰিছিল ।
পঢ়া-শুনা কৰি থাকোঁতেই প্ৰেমত পৰিছিল নাছিৰুদ্দিন
নাছিৰুদ্দিন শ্বাহে ১৯ বছৰ বয়সতহে প্ৰথম বিবাহ কৰিছিল । আলিগড় মুছলিম বিশ্ববিদ্যালয়ত তেওঁৰ লগত অধ্যয়ন কৰা ৩৪ বছৰীয়া পাকিস্তানী যুৱতী পাৰবীনক তেওঁৰ জীৱন সংগী বনাই লৈছিল ৷ বিয়াৰ মাত্ৰ ১০ মাহৰ পিচতে পাৰবীনে কন্যা হিবাক জন্ম দিয়ে । অৱশ্যে এই সম্পৰ্ক বেছি দিন নচলিল আৰু কন্যা সন্তানটিৰ সৈতে ভাৰত এৰি গুচি যায় পাৰবীন ৷ ইয়াৰ পিচত ৰত্ন পাঠকে নাছিৰুদ্দিন শ্বাহৰ জীৱনত প্ৰৱেশ কৰে ।