অসম

assam

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 2:56 PM IST

ETV Bharat / entertainment

Nana Patekar Slaps Fan: অনুৰাগীক পূৰ্ণহতীয়া চৰ সোধালে নানা পাটেকাৰে, কিন্তু কিয় ?

ভাইৰেল হৈ পৰিছে নানা পাটেকাৰৰ এটা ভিডিঅ’, য’ত অনুৰাগীক পূৰ্ণহতীয়া চৰ সোধাই নানা পাটেকাৰে ৷ চেলফি ল’বলৈ আহিছিল অনুৰাগীজন আৰু ইয়াৰ পিচতেই খঙত অগ্নিশৰ্মা হৈ পৰে অভিনেতাগৰাকী ৷

nana-patekar-slapped-fan-during-shooting-watch-video
অনুৰাগীক পূৰ্ণহতীয়া চৰ নানা পাটেকাৰৰ

অনুৰাগীক পূৰ্ণহতীয়া চৰ নানা পাটেকাৰৰ

চিটাৰা ডেস্ক, 15 নৱেম্বৰ: বলীউডৰ অভিনেতা নানা পাটেকাৰ তেওঁৰ জোৰদাৰ অভিনয় আৰু স্পষ্টবাদী বক্তব্যৰ বাবে পৰিচিত । কিন্তু শেহতীয়াকৈ অভিনেতাগৰাকীৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিটো ভিডিঅ’ চাই হতবাক হৈ পৰিছে অনুৰাগীক । হয়, ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে নানা পাটেকাৰে এজন ব্যক্তিক পূৰ্ণহতীয়া চৰ সোধায় । দৰাচলতে, নানা পাটেকাৰে বাৰাণসীত তেওঁৰ আগন্তুক ছবি ‘জাৰ্নি’ৰ শ্বুটিং কৰি আছিল আৰু শ্বুটিঙৰ সময়তে এজন ব্যক্তিয়ে তেওঁৰ ওচৰলৈ আহি চেলফি ল’বলৈ ধৰে । কিন্তু লোকজনে হয়তো জনা নাছিল যে এই কথাতে খঙত অগ্নিশৰ্মা হ’ব অভিনেতাগৰাকী ৷ চেলফি ল’বলৈ ধৰোতেই খুব জোৰেৰে অভিনেতাগৰাকীয়ে লোকজনক চৰ মাৰি দিয়ে ।

উল্লেখ্য যে, নানা পাটেকাৰে লোকজনক চৰ মাৰি চেটৰ পৰা খেদি পঠিয়াই দিয়ে । কেৱল ইমানেই নহয়, নানা পাটেকাৰৰৰ লগত থিয় হৈ থকা ক্ৰু মেম্বাৰজনেও যুৱকজনৰ ডিঙিত ধৰি তাৰ পৰা খেদি পঠিয়াই দিয়ে । কিন্তু এতিয়া ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে অভিনেতাগৰাকীৰ এই ভিডিঅ’টো । ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নেটিজেনে ভিডিঅ’টোৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে । একাংশ লোকে নানা পাটেকাৰৰ এই কাৰ্যত ব্যাপকভাৱে সমালোচনা কৰিছে । উল্লেখ্য যে, নানা পাটেকাৰে বৰ্তমান বাৰাণসীত জাৰ্নি ছবিৰ শ্বুটিং কৰি আছে । যিটো শেহতীয়াকৈ ঘোষণা কৰিছিল গদৰ ২ৰ পৰিচালক অনিল শৰ্মাই ।

ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন নানা পাটেকাৰ

এই ভিডিঅ’টোত এজনে মন্তব্য কৰি লিখিছে, “Poor kid”। আন এজন ব্যক্তিয়ে লিখিছে “বহুত কষ্টকৰ আছিল ।” এজনে লিখিছে, “বেয়া কথা ।” এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘এই লোকসকলে সাধাৰণ নাগৰিকক পোক-পৰুৱা বুলি গণ্য কৰে, যেন চলচ্চিত্ৰৰ মানুহ আন কোনো পৃথিৱীত বাস কৰে।’’

এয়াই প্ৰথম নহয়, কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছিল নানা পাটেকাৰ

এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল নানা ৷ কেতিয়াবা যদি তেওঁৰ বক্তব্যৰ বাবে, আন কেতিয়াবা আকৌ মি টু মুভমেন্টত তেওঁৰ নাম জড়িত হৈ পৰিছিল ৷

লগতে পঢ়ক:Chiranjeevi Dance Video: ৰাজা কুমাৰীৰ সৈতে দীপাৱলী পাৰ্টিত নৃত্য চিৰঞ্জীৱীৰ, চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details