অসম

assam

ETV Bharat / entertainment

ৰাশ্বিদ খান আৰু নাই, কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে শাস্ত্ৰীয় গায়কগৰাকীৰ - Rashid Khan death

Rashid Khan Demise: মঙলবাৰে ৫৫ বছৰ বয়সত দেহাৱসান ঘটে উস্তাদ ৰাশ্বিদ খানৰ । বহু দিনৰে পৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেওঁ । অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে শাস্ত্ৰীয় গায়কগৰাকীয়ে ৷

Music maestro Ustad Rashid Khan passes away
ৰাশ্বিদ খানৰ দেহাৱসান

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:13 AM IST

চিটাৰা ডেস্ক, ১০ জানুৱাৰী: পদ্মশ্ৰী সন্মানেৰে বিভূষিত শাস্ত্ৰীয় গায়ক ৰাশ্বিদ খান আৰু নাই । মঙলবাৰে ৫৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উস্তাদ ৰাশ্বিদ খানে । শাস্ত্ৰীয় গায়কগৰাকী প্ৰষ্টেট কেন্সাৰত আক্ৰান্ত আছিল, যাৰ বাবে তেওঁ কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । ভেণ্টিলেটৰ আৰু অক্সিজেনৰ সহায়ত ৰখা হৈছিল তেওঁক । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকৰ সকলো চেষ্টাৰ পিচতো মৃত্যুক আকোঁৱালি ল’লে ৰাশ্বিদ খানে ।

উস্তাদ ৰাশ্বিদ খান চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ এজন বিষয়াই কয়, ‘‘আমি বহুত চেষ্টা কৰিলোঁ, কিন্তু বিফল হ’লোঁ ৷ পুৱতি নিশা প্ৰায় ৩:৪৫ বজাত তেওঁৰ মৃত্যু হয় ।

শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

উস্তাদ ৰাশ্বিদ খানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । তেওঁ কয়, ‘‘এয়া সমগ্ৰ দেশ আৰু সমগ্ৰ সংগীত জগতৰ বাবে এক ডাঙৰ ক্ষতি । মই যথেষ্ট আৱেগিক হৈছো । এতিয়াও বিশ্বাস কৰিব পৰা নাই যে ৰাশ্বিদ খান আৰু নাই ।’’

স্বাস্থ্যৰ উন্নতি ঘটিছিল

যোৱা মাহত মস্তিষ্কৰ আক্ৰমণত আক্ৰান্ত হৈ উস্তাদ ৰাশ্বিদ খানৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল । প্ৰথমে তেওঁ টাটা মেম’ৰিয়েল কেন্সাৰ হাস্পতালত চিকিৎসা গ্ৰহণ কৰিছিল । তাৰ পিচত কলকাতাৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি আছিল । ঘনিষ্ঠ সূত্ৰৰ মতে, যোৱা মাহত ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিচত তেওঁৰ স্বাস্থ্য কিছু সুস্থ হৈ উঠিছিল ।

১১ বছৰ বয়সত প্ৰথমবাৰৰ বাবে মঞ্চত সংগীত পৰিৱেশন কৰিছিল

উত্তৰ প্ৰদেশৰ বদায়ুঁত জন্মগ্ৰহণ কৰা ৰাশ্বিদ খান আছিল উস্তাদ গুলাম মুস্তাফা খানৰ ভতিজা । তেওঁৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ ককা উস্তাদ নিছাৰ হুছেইন খানৰ পৰা (১৯০৯-১৯৯৩) লৈছিল । ১১ বছৰ বয়সত প্ৰথমবাৰ মঞ্চত গীত পৰিৱেশন কৰিছিল ।

উস্তাদ ৰাশ্বিদ খানে এই ছবিসমূহত কণ্ঠ নিগৰাইছিল

শ্বাহিদ কাপুৰ আৰু কৰীণা কাপুৰৰ ছবি ‘জব ৱী মেট’ৰ গীত ‘আওগে জব তুম’ত নিজৰ কণ্ঠ নিগৰাইছিল, যিটো অতি জনপ্ৰিয় হৈ পৰিছিল ৷ ইয়াৰ উপৰিও তেওঁ ‘মাই নেম ইজ খান’, ‘ৰাজ ৩’, ‘মন্তো’ আৰু ‘শ্বাদি মে জৰুৰ আনা’ আদি ছবিত নিজৰ কণ্ঠৰ যাদু বিয়পাইছিল ।

লগতে পঢ়ক:ভেন্টিলেশ্যনত ওস্তাদ ৰাশ্বিদ খান, এমাহ ধৰি চলি আছে দুৰাৰোগ্য ৰোগৰ চিকিৎসা

ABOUT THE AUTHOR

...view details