চিটাৰা ডেস্ক, ৩ নৱেম্বৰ:২ নৱেম্বৰত বলীউডৰ কিং শ্বাহৰুখ খানে উদযাপন কৰিছে ৫৮ সংখ্যক জন্মদিন । কিং খানৰ জন্মদিন অনুৰাগীৰ বাবে কোনো উৎসৱতকৈ কম নহয় ৷ সেয়েহে, প্ৰতি বছৰে শ্বাহৰুখ খানৰ জন্মদিনত তেওঁৰ মুম্বাইৰ বাসগৃহ ‘মন্নত’ৰ বাহিৰত বিপুল সংখ্যক অনুৰাগীয়ে ভিৰ কৰে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ এইবাৰো মাজনিশা হাজাৰ হাজাৰ অনুৰাগী মন্নতৰ বাহিৰত সমবেত হয় ৷ কিং খানক জন্মদিনৰ শুভেচ্ছা জনাবলৈ দূৰ-দূৰণিৰ পৰা আহিছিল অনুৰাগী ৷ কিন্তু কিং খানক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহি বিপদত পৰিল বহু অনুৰাগী ৷
ঘটনাৰ বিৱৰণী অনুসৰি, অনুৰাগীয়ে মাজনিশা মন্নতৰ বাহিৰত তেওঁৰ প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছিল । কিন্তু এনে কৰিবলৈ গৈ বিপদত পৰিল একাংশ অনুৰাগী । দৰাচলতে ভিৰৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান ৷ বহু অনুৰাগীৰ পৰা চুৰি কৰি লৈ যায় তেওঁলোকৰ মোবাইল ফোন । মহাৰাষ্ট্ৰ আৰক্ষীয়ে শ্বেয়াৰ কৰিছে এই তথ্য ।
চোৰ হ’ল অনুৰাগীৰ মোবাইল