চিটাৰা ডেস্ক, 27 এপ্ৰিল: ড্ৰাগছৰ গোচৰত ইউ এ ইৰ শ্বাৰজাহৰ কাৰাগাৰত বন্দী হৈ থকা অভিনেত্ৰী ক্ৰিছন পেৰেইৰাক বৰ্তমান কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে । ছ’চিয়েল মিডিয়াযোগে এই খবৰ শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীৰ পৰিয়ালে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ পৰিয়ালবৰ্গই আনন্দত চকুলো টোকা এটা ভিডিঅ’ পোষ্ট কৰিছে ছ’চিয়েল মিডিয়াত । চলিত মাহৰ আৰম্ভণিতে ইউ এ ইৰ শ্বাৰজাহ জেলত ‘ড্ৰাগছ’ৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ২৭ বছৰীয়া অভিনেত্ৰীগৰাকী (Chrisann released in drugs plant case) ।
বুধবাৰে গভীৰ নিশা ক্ৰিছনৰ পেৰেইৰাৰ ভাতৃ কেভিন পেৰেইৰাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ মুকলি কৰিছে । ভিডিঅ’ত দেখা গৈছে যে, কলযোগে মাতৃৰ সৈতে কথা পাতি থকাৰ সময়তে আবেগিক হৈ পৰে অভিনেত্ৰীগৰাকী ৷ ইফালে এই খবৰটো পোৱাৰ পিচতে আনন্দত কান্দি কান্দি মাতৃয়ে অভিনেত্ৰীগৰাকীক অতি সোনকালে ঘূৰি আহিবলৈ কাতৰ অনুৰোধ জনায় । মাতৃ আৰু কন্যা দুয়োগৰাকীয়ে ভিডিঅ’টোত আৱেগিক হোৱা দেখা যায় (Chrisann Pereira) ৷
উল্লেখ্য যে, এই গোচৰত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্যই ক্ৰিছনৰ পৰিয়ালৰ লগতে অভিনেত্ৰীগৰাকীৰ অনুৰাগীকো আচৰিত কৰি তুলিছে । এই গোচৰত মুম্বাই ক্ৰাইম ব্ৰাঞ্চে দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল । দুয়ো মিলি ক্ৰিছন পেৰেইৰাক ড্ৰাগছ দি শ্বাৰজাহলৈ পঠিয়াইছিল । ইয়াৰ পিচত কৃষণক ড্ৰাগছ সৰবৰাহৰ অভিযোগত শ্বাৰজাহত গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰৰ পিচত তেওঁক শ্বাৰজাহ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল (Mumbai actor Chrisann)।
এই অভিযুক্তসকলৰ এজনৰ নাম এণ্টনি পাল, যিয়ে অভিনেত্ৰীগৰাকীৰ মাতৃৰ পৰা প্ৰতিশোধ ল’বলৈ এই ষড়যন্ত্ৰ ৰচনা কৰিছিল । ক্ৰাইম ব্ৰাঞ্চৰ মতে, অভিযুক্ত এণ্টনি পালে কেইবছৰমান পূৰ্বে লকডাউনৰ সময়ত ক্ৰিছনৰ বিল্ডিঙত প্ৰৱেশ কৰিছিল, সেই সময়ত অভিনেত্ৰীগৰাকীৰ পৰিয়ালত থকা কুকুৰটোৱে এণ্টনি পালক কামোৰাৰ চেষ্টা কৰিছিল (Chrisann in sharjah uae jail)।
ইয়াৰ পিচত এণ্টনিয়ে কুকুৰটোক ওচৰতে পৰি থকা ভঙা চকী এখনেৰে আঘাত কৰিলে আৰু ইয়াৰ পিচত অভিনেত্ৰীগৰাকীৰ মাতৃয়ে এণ্টনিক খঙত বেয়া ব্যৱহাৰ কৰিছিল ৷ ইয়াৰ পিচত এই কথাটোৱে এণ্টনিৰ হৃদয়ত আঘাত দিয়ে আৰু তেতিয়াই পেৰেইৰাক ফান্দত পেলোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিলে (Instagram video of chrisann)।
অভিনেত্ৰী পেৰেইৰাৰ পৰিয়ালে অপৰাধ শাখাক দিয়া অভিযোগত কৈছিল যে ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা সমগ্ৰ গোচৰটো আৰম্ভ হৈছিল । অভিনেত্ৰীগৰাকীৰ মাতৃ প্ৰেমিলা পেৰেইৰাই এটা বাৰ্তা লাভ কৰিছিল য’ত মানুহজনে নিজকে ৰিয়েল এষ্টেট ব্যৱসায়ী ৰবি বুলি পৰিচয় দিছিল । ক্ৰিছন পেৰেইৰাক লগ পাই এতিয়া তেওঁ এটা টেলেণ্ট মেনেজমেণ্ট কোম্পানী আৰম্ভ কৰিছে । ৰবি নামৰ এইজন ব্যক্তিয়ে ২৭ বছৰীয়া ক্ৰিছনক তেওঁৰ টেলেণ্ট পুল দলত চিনাকি কৰাই দিয়াৰ প্ৰস্তাৱ দিছিল ।