অসম

assam

ETV Bharat / entertainment

Badshah controversy: বাদশ্বাহৰ বিতৰ্কিত গীত; শীঘ্ৰেই ক্ষমা খোজক অন্যথা দাখিল কৰা হ’ব এফআইআৰ-শিৱ ভক্ত

বিতৰ্কৰ মাজত সোমাই পৰিছে কণ্ঠশিল্পী বাদশ্বাহ । কণ্ঠশিল্পীগৰাকীৰ নতুন এলবামৰ গীত ‘সনাক’ত মহাদেৱক অপমান কৰাৰ অভিযোগ ৷ উজ্জয়ন মহাকাল মন্দিৰৰ পুৰোহিত আৰু হিন্দু সংগঠনে বাদশ্বাহক প্ৰদান কৰিছে সকীয়নি (Badshah sanak controversy) ৷

MP: Ujjain: dispute over badshah new album sanak allegation of insult of lord shiva
বাদশ্বাহৰ বিতৰ্কিত গীত

By

Published : Apr 19, 2023, 1:31 PM IST

বাদশ্বাহৰ বিতৰ্কিত গীত

চিটাৰা ডেস্ক, 19 এপ্ৰিল: জনপ্ৰিয় পাঞ্জাবী কণ্ঠশিল্পী বাদশ্বাহৰ এলবামৰ গীত ‘সনাক’ বৰ্তমান ইউটিউব, ইনষ্টাগ্ৰাম আৰু ফেচবুকত ট্ৰেণ্ডিঙত আছে । এই গীতটিয়ে ইতিমধ্যেই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে (Badshah new album sanak) ৷ বহু মহিলা, যুৱতী আৰু পুৰুষে এই গীতটিৰ ওপৰত চুটি ভিডিঅ’ বনাই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ কিন্তু কণ্ঠশিল্পীগৰাকীৰ এই গীতটিয়ে এতিয়া তেওঁৰ কাৰণে মাতি আনিছে বিপদ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এলবামৰ গীতটি এতিয়া সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত । কাৰণ এই এলবাম গীতটিত বাদশ্বাহে কিছু আপত্তিজনক শব্দ ব্যৱহাৰ কৰিছে । অশ্ৰাব্য কথা আৰু ভগৱান শিৱৰ নাম লোৱা হৈছে এলবামটোত । যিহেতু এলবামটোত অশ্লীল কথাৰ লগতে মহাদেৱৰ নামো সংযোজন কৰা হৈছে, সেয়াহে এই সন্দৰ্ভত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Badshah sanak controversy) ৷

কাকো ঈশ্বৰৰ নামত খেলা কৰিবলৈ দিয়া নহ’ব- মন্দিৰৰ পূজাৰী

মহাকালেশ্বৰ মন্দিৰৰ পূজাৰীয়ে কণ্ঠশিল্পীগৰাকীক প্ৰদান কৰিছে কঠোৰ সকীয়নি । মহেশ পূজাৰীয়ে কয়, "এই এলবামৰ পৰা ভোলানাথৰ নাম আঁতৰাই দিয়ক, কাৰণ সনাতন ধৰ্মত কাকো ভগৱানৰ লগত খেলা কৰিবলৈ দিয়া নহয় । " ইয়াৰ উপৰিও মহাকালেশ্বৰ মন্দিৰ ভ্ৰমণ কৰা ভক্তসকলেও গীতটিক লৈ ব্যক্ত কৰিছে ক্ষোভ (Dispute over badshah sanak album) ৷

সাধু, সন্ত আৰু গল্পকাৰসকলে মৌনতা অৱলম্বন কৰিলে

উজ্জয়ন মহাকাল মন্দিৰৰ মহেশ পূজাৰীয়ে কয়, "সনাতন ধৰ্মক শিল্পীৰ দ্বাৰা বদনাম কৰা হৈছে, সন্ত, সাধু আৰু গল্পকাৰ সকলোৱে এনেবোৰ কথাত মৌন হৈ আছে। ছবিৰ তাৰকা হওক বা কণ্ঠশিল্পীয়ে হওক, ভগৱানৰ নামত অশ্লীলতা বিয়পাই দিয়াৰ কোনো অধিকাৰ তেওঁলোকৰ নাই। দেশৰ সমগ্ৰ লোক একত্ৰিত হৈ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অন্যথা সকলোৱে এনেদৰে সনাতন ধৰ্মৰ উলংগ নৃত্য কৰি যাব। আমি ইয়াৰ বিৰোধিতা কৰোঁ ।"

আনহাতে মহাকাল সেনা আৰু পূজাৰী মহাসংঘকে ধৰি হিন্দু সংগঠনসমূহে এই গীতটোৰ পৰা ভগৱান ভোলানাথৰ নাম অনতিপলমে আঁতৰাবলৈ আহ্বান জনায় ৷ যদি বিষয়টো মানি লোৱা নহয় তেন্তে উজ্জয়নত বাদশ্বাহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হ’ব বুলিও সকীয়নি প্ৰদান কৰা হৈছে (Album sanak allegation of insult of lord shiva)।

কি কাৰণত সৃষ্টি হৈছে বিতৰ্কৰ ?

জনপ্ৰিয় কণ্ঠশিল্পী বাদশ্বাহৰ সনক গীতটি আৰম্ভ হোৱাৰ ৪০ ছেকেণ্ডৰ পাচত ভগৱান ভোলেনাথৰ লগতে বহু আপত্তিজনক শব্দ ব্যৱহাৰ কৰা হৈছে । আচলতে বিবাদৰ সৃষ্টি হয় এই শাৰী কথাৰ পৰা, " “কভি ছেক্স, কভি জ্ঞান বাটতা ফিৰু, হিট পে হিট মে মাৰতা ফিৰু । তিন-তিন ৰাত মে জাগতা ফিৰু, ভোলেনাথ কে সাথ মেৰী বন্টি হে, নাচতা ফিৰু-নাচতা ফিৰু।"

ক্ষমা খোজক বাদশ্বাহে, নহ’লে দাখিল হ’ব এফআইআৰ

উজ্জয়নৰ বাসিন্দা ঋষভ ওৰফে বাবু যাদৱে কয় যে "আমি শিৱৰ ভক্ত। বাদশ্বাহে গীতটোত ভোলেনাথৰ নাম লৈছে, গানত অশ্লীলতা পৰিবেশন কৰা হৈছে, এইটো একেবাৰে সহ্য কৰা নহ’ব । ততাতৈয়াকৈ গীতটো ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই দিয়ক আৰু বাদশ্বাহে সকলো শিৱ ভক্তৰ ওচৰত ক্ষমা খুজিব লাগে, অন্যথা ২৪ ঘণ্টাৰ পিচত এফআইআৰ দাখিল কৰা হ’ব।’

এতিয়া এই সন্দৰ্ভতে কণ্ঠশিল্পী বাদশ্বাহে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হে হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক:Mahie Gill: ৪৭ বছৰীয়া দবাং অভিনেত্ৰীয়ে গোপনে বিয়া কৰালে প্ৰেমিকক, ৬ বছৰীয়া কন্যাৰ মাতৃ

ABOUT THE AUTHOR

...view details