চিটাৰা ডেস্ক, 21 জুলাই: হলিউডৰ এখন বহু প্ৰত্যাশিত ছবি, যিয়ে বিশ্বৰ লগতে ভাৰতীয় বক্স অফিচতো ইতিহাস ৰচিব বুলি ধাৰণা কৰা হৈছে ৷ ইতিমধ্যেই এই ছবিখনক লৈ ভাৰতৰ হলিউড ছবিৰ প্ৰতি আকৰ্ষিত দৰ্শকৰ মাজত উন্মাদনা পোৱা দেখা গৈছে। এই ছবিখনৰ নাম হৈছে ‘অপেনহাইমাৰ’ । অপেনহাইমাৰ কোনো সাধাৰণ নাম নহয় । অপেনহাইমাৰ কি, ইয়াৰ অৰ্থ কি আৰু ভাৰতত ইয়াৰ উন্মাদনা কি আৰু ভাৰতত ইয়াৰ এডভান্স বুকিং আৰু আজি মুক্তিৰ পিচত ইয়াৰ সংগ্ৰহ কিমান হ’ব পাৰে ? এই ছবিখন আৰু ইয়াৰ বক্স অফিচ সংগ্ৰহৰ সৈতে জড়িত সকলো তথ্য জানি লওক এই প্ৰতিবেদনত ৷
অপেনহাইমাৰ ছবিখন কোনে পৰিচালনা কৰিছিল ?
বেটমেন ট্ৰাইলজী, ইন্টাৰষ্টেলাৰ আৰু ডানকাৰ্কৰ দৰে বৃহৎ ছবি নিৰ্মাণ কৰা ৫২ বছৰীয়া ব্ৰিটিছ-আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা ক্রিষ্টোফাৰ নোলানে এই ছবিখন পৰিচালনা কৰিছে । কৰ’না কালৰ পিচত তেওঁৰ প্ৰথমখন ছবি অপেনহাইমাৰ বিশ্বজুৰি মুক্তি পাবলৈ গৈ আছে । ইয়াৰ পূৰ্বে ক্রিষ্টোফাৰে টেনেট (২০২০) ছবিখন নিৰ্মাণ কৰিছিল।
ভাৰতত ছবিখনৰ আগতীয়া বুকিং
অপেনহাইমাৰ ছবিখনক লৈ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জনৰ বজাৰত দেখা গৈছে ব্যাপক চৰ্চা ৷ খবৰ অনুসৰি অপেনহাইমাৰ ছবিখনৰ এডভান্স বুকিঙে চমকপ্ৰদ উপাৰ্জন কৰিছে । ভাৰতত বুকিং কৰা হৈছে অপেনহাইমাৰৰ ২ লাখ ২০ হাজাৰ এডভান্স টিকট । কৰ’নাৰ সময়ৰ পাচত বলীউডৰ ছবিৰ বাবে এনে এডভান্স বুকিং হোৱা নাই । আনহাতে, শ্বাহৰুখ খানৰ পাঠান, ৰণবীৰ কাপুৰৰ ব্ৰহ্মাস্ত্ৰ আৰু দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাসৰ আদিপুৰুষৰ দৰে পেন ইণ্ডিয়াৰ ছবিয়েহে এনে এডভান্স বুকিং লাভ কৰিছিল ।
ভাৰতত ছবিখনৰ মুকলি দিনৰ সংগ্ৰহ কিমান হ’ব ?
এতিয়া ভাৰতত অপেনহাইমাৰৰ এডভান্স টিকট বুকিঙৰ পৰিসংখ্যা দেখাৰ পিচত কোৱা হৈছে যে ছবিখনে মুকলিৰ দিনা ভাৰতীয় বক্স অফিচত বহুত ভাল প্ৰদৰ্শন দেখুৱাব ৷ আজি (21 জুলাই) মুকলি হ’ল ছবিখন ৷ অপেনহাইমাৰৰ এডভান্স বুকিঙৰ ভিত্তিত কোৱা হৈছে যে ভাৰতীয় বক্স অফিচত ছবিখনে ১৩ৰ পৰা ১৪ কোটি টকাৰ ব্যৱসায় কৰিব পাৰে । তাৎপৰ্যপূৰ্ণভাৱে চলিত বৰ্ষত (২০২৩) হলিউডৰ ছবি ফাষ্ট টেন এ ভাৰতীয় বক্স অফিচত সৰ্বাধিক আৰম্ভণি (১২.৫০ কোটি) লাভ কৰিছে। হলিউডৰ তাৰকা টম ক্ৰুজৰ অভিনীত শেহতীয়াকৈ মুক্তি পোৱা ছবি মিছন ইম্পচিবলে ৭ য়ে মুকলিৰ দিনা ১২.১৭ কোটি উপাৰ্জন কৰিছিল । এতিয়া কোৱা হৈছে যে অপেনহাইমাৰে ভাৰতৰ ২০২৩ চনৰ আটাইতকৈ ডাঙৰ ওপেনিং ছবি হিচাপে প্ৰমাণ কৰিব পাৰে । অপেনহাইমাৰে U/Aৰ প্ৰমাণপত্ৰ লাভ কৰিছে। ইয়াৰ ৰান টাইম ৩ ঘণ্টা ২ মিনিট। আজি ভাৰতৰ ১২৫০ খন পৰ্দাত মুকলি হৈছে ছবিখন ৷
ভাৰতৰ আটাইতকৈ ডাঙৰ ওপেনিং ছবিসমূহ